অসম

assam

By

Published : Jul 5, 2020, 8:05 PM IST

ETV Bharat / state

একক প্ৰচেষ্টাৰে চাৰি শতাধিক পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ

নাওবৈচাত ইতিমধ্যে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বানত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ ফলত অঞ্চলটোৰ দৰিদ্ৰ লোক সকল তীব্ৰ খাদ্য সংকটত পৰিছে ৷

Relief Distribution By Jila Parishod Member Gahin Bora At Nao Baisa
একক প্ৰচেষ্টাৰে চাৰি শতাধিক পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ

নাওবৈচা, 5 জুলাইঃ নাওবৈচাত জিলা পৰিষদ সদস্য গহীন বৰাই প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহণ কৰিছে ৷ সদস্য জনে নিজা উদ্যোগত প্ৰায় চাৰি শতাধিক বানাক্ৰান্ত লোক সকলৰ মাজত বিতৰণ কৰিছে বান সাহাৰ্য ৷

একক প্ৰচেষ্টাৰে চাৰি শতাধিক পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ

অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা শিঙৰা নদীৰ বাঢ়নী পানীত লখিমপুৰ জিলাৰ নাওবৈচাত ইতিমধ্যে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সংহাৰী বানত যোৱা ডেৰ মাহে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাওবৈচাৰ বহু কেইখন গাঁৱৰ ৰাইজৰ মাজত ৷ বানত অঞ্চলটোত ধাৰাবাহিক ভাৱে ঘৰবাৰী-কৃষিভূমিৰ লগতে বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ফলত অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ মাজত এতিয়া তীব্ৰ খাদ্য সংকটে দেখা দিছে । ঠিক তেনে সময়তে নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰাই দেওবাৰে বানাক্ৰান্ত লোক সকলৰ মাজত বান সাহাৰ্য বিতৰণ কৰে । নাওবৈচা ৰাজহ চক্ৰৰ প্ৰায় চাৰি শতাধিক পৰিয়ালৰ মাজত জিলা পৰিষদৰ সদস্য গৰাকীয়ে নাওবৈচা মণ্ডল বিজেপিৰ সদস্য সকলৰ সহযোগিতাত বান সাহাৰ্য বিতৰণ কৰে ।

লগতে পঢ়ক- ৰাজ্যত বানত মৃত্যু 37 জনৰ

ABOUT THE AUTHOR

...view details