লখিমপুৰ, ৩০ ডিচেম্বৰ :"বিজেপি মিত্রজোঁটৰ লগত একেলগে নিৰ্বাচন খেলিব অগপই । এই সন্দৰ্ভত ফেব্ৰুৱাৰীত হ'ব আলোচনা ।" এই মন্তব্য় কৃষি মন্ত্রী অতুল বৰাৰ । লখিমপুৰত শনিবাৰে এইদৰে মন্তব্য় কৰি তেওঁ কয় যে বিজেপি-অগপ মিত্ৰজোঁটে একেলগে খেলিব নিৰ্বাচন । মিত্রজোঁট চৰকাৰৰ অংশীদাৰী দল হিচাপে অগপই বিজেপিৰ সৈতে মিত্রতাৰে নিৰ্বাচনী যুঁজত নামিব । অহা ফেব্ৰুৱাৰীত এই সন্দৰ্ভত আলোচনা কৰিব । এই আলোচনাৰ সিদ্ধান্ত মৰ্মে মিত্রজোঁটে নিৰ্বাচনী যুজত অৱৰ্তীৰ্ণ হ'ব বুলি তেওঁ মন্তব্য় কৰে ।
শনিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত উত্তৰ লখিমপুৰস্থিত মাণ্ডলিক গৱেষণা কেন্দ্রৰ উদ্যোগত আৰু লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ সহযোগত মাণ্ডলিক কৃষক সমাৰোহ অনুষ্ঠিত হয় । এই সমাৰোহত অংশগ্রহণ কৰি মন্ত্রী অতুল বৰাই ৰাজ্যৰ দুগ্ধ উৎপাদনৰ প্ৰসংগত কয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুগ্ধ উৎপাদনত ৰাজ্যখনক স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰিছে ।
বৰ্তমান ৰাজ্যত যি পৰিমাণ ৰ দুগ্ধ উৎপাদন হৈ আছে তাৰ উপৰি প্ৰতিদিনে ১০ লাখ লিটাৰ অতিৰিক্ত দুগ্ধ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয় । লখিমপুৰত জহি-খহি যোৱা দুগ্ধ উৎপাদন প্ৰকল্পটোৰ মেৰামতিৰ ব্যয় বহুগুণে বৃদ্ধি হোৱাৰ আশংকা কৰি তেওঁ মেৰামতিৰ বিপৰীতে নতুনকৈ এটা প্ৰকল্প নিৰ্মাণ কৰাৰ আঁচনি লোৱা বুলি সদৰী কৰে ৷