নাওবৈচা, 6 ডিচেম্বৰ :বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা ৰঙানদীৰ চাপৰিত সপোন ৰচিছে দুলেন, সান্তনু, বিপুল, সদাহঁতে ৷ যি ৰঙানদী বাৰিষা কাল হৈ পৰে (flood in Ronganadi river), তাৰেই চাপৰিত লহপহকৈ বাঢ়িছে এই চাৰিযুৱকৰ সেউজী সপোন ৷ প্ৰায় এটা দশকেই হ’ল ৷ নাওবৈচাৰ ৰঙানদী পাৰৰ এই বালিময় চাপৰিত যুৱককেইজনে কৰি আহিছে ৰবি শস্যৰ খেতি ৷ যাৰ দ্বাৰা আৰ্থিকভাৱেও লাভৱান হৈছে তেওঁলোক ৷
চাৰি যুৱকে ব্যৱসায় ভিত্তিত জাতিলাও, বন্ধাকবি,ফুলকবি, জলকীয়া, বিলাহী, আলু, মাটিমাহ, শাক আদিৰ খেতি কৰি আহিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৷ কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কেৱল কেঁচুসাৰ প্ৰয়োগ কৰিয়েই অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে তেওঁলোক ৷