বিহপুৰীয়া,8মে':গোগামুখত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ লখিমপুৰৰ ধলপুৰত সংঘটিত হৈছে আন এটা জঘন্য ঘটনা ৷ কামনাৰ বলি হ'ল ধলপুৰৰ এগৰাকী 19বছৰীয়া যুৱতী ৷ আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ গৈ ধৰ্ষণৰ বলি হ’ল যুৱতীগৰাকী ৷
জানিব পৰা মতে, যোৱা সোমবাৰে ঘৰৰ কাষৰে পেহীয়েকৰ ঘৰত অনুষ্ঠিত বিবাহ অনুষ্ঠানলৈ গৈছিল যুৱতীগৰাকী ৷ কিন্তু বিবাহ অনুষ্ঠানত বাজি থকা সংগীতৰ উচ্চ শব্দ আৰু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চুবুৰীয়া ভাৰত ৰবি দাস নামৰ যুৱকজনে মুখত সোপা দি যুৱতীগৰাকীৰ ওপৰত চলায় যৌন আতিশায্য ৷ আনকি হাতত কটাৰী লৈ ধৰ্ষণকাৰী ভাৰত ৰবি দাসে যুৱতীগৰাকীক মৃত্যুৰ ভয় দেখুৱাই এই সমগ্ৰ ঘটনাৰ বিষয়ে কাকো নক'বলৈ ভাবুকি দিয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভগীয়া যুৱতীগৰাকীয়েও প্ৰাণৰ তাগিদাত কোনো লোককে এই ঘটনাৰ বিষয়ে অৱগত কৰা নাছিল ৷