লখিমপুৰ, 13 মে' : খহনীয়া ৰোধৰ বাবে লখিমপুৰ জিলাৰ ৰঙানদীৰ বুকুত বান্ধ নিৰ্মান কৰি বাৰিষা লখিমপুৰ নগৰ নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে এটা বিভাগে ৷
অভিযোগ অনুসৰি, ডিৰ্জু চাহ বাগিচাৰ খহনীয়া ৰোধৰ বাবে ৰঙানদী খান্দি নদীৰ বুকুত 44.48 লাখ টকাৰে MGNREGA আঁচনিৰে নিৰ্মাণ কৰিছে বৃহৎ বান্ধ । ৰঙানদীৰ গতিপথ সলনি কৰি ডিৰ্জু চাহ বাগিচাৰ খহনীয়া ৰোধৰ বাবে লখিমপুৰ জিলা প্ৰশাসন তথা নাওবৈচা বিধানসভাৰ ডিৰ্জু পঞ্চায়তৰ এই কৰ্মত এতিয়া চিন্তিত হৈ পৰিছে নৈ পৰিয়া একাংশ লোক ৷ কাৰণ প্ৰাকৃতিক ভাবে বৈ অহা ৰঙানদীৰ বুকুত দিয়া বান্ধে ডিৰ্জু চাহ বাগিচাক সুৰক্ষা দিয়াৰ বিপৰীতে নিঃশেষ কৰিব লখিমপুৰ নগৰৰ এটা অংশক । এই বান্ধৰ ফলত বাৰিষা ঘৰ-মাটি হেৰুৱাব পাৰে হাজাৰ হাজাৰ লোক ৷