অসম

assam

ETV Bharat / state

Loksabha election 2024 : গুজৰাটী বনিয়াৰ হাতত গটাব অসমৰ কৃষিভূমি: আৰ পি শৰ্মা - গুজৰাটী বনিয়াৰ হাতত গটাব অসমৰ কৃষিভূমি

লোকসভা নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ তথা ন-কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাৰ । তেজপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ শৰ্মাৰ ৷

Loksabha election 2024
বিজেপিক তীব্ৰ সমালোচনা আৰ পি শৰ্মাৰ

By

Published : Jul 5, 2023, 8:20 AM IST

গুজৰাটীৰ হাতত গটাব অসমৰ কৃষিভূমি

বিহপুৰীয়া, 5 জুলাই : "প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দিনৰ বিজেপি এতিয়া আৰু নাই । এতিয়াৰ বিজেপি দলত প্ৰাক্তন কংগ্ৰেছীৰ ভিৰ ।" দীৰ্ঘদিনৰ মূৰত পুনৰ সংবাদ মাধ্যমৰ আগত মুখ খুলিছে প্ৰাক্তন সাংসদ তথা ন-কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই । আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাক্তন সাংসদ শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত গৈ ঘৰে ঘৰে ৰাইজৰ কাষ চাপিছে । সংসদীয় সমষ্টিটোৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা সমষ্টিত উপস্থিত হৈ সাধাৰণ লোকৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে ।

প্ৰাক্তন বিজেপি সাংসদগৰাকীয়ে বিহপুৰীয়াত উপস্থিত হৈ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় ৷ মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি অসমৰ মাটি এদিন ৰাজ্য চৰকাৰে গুজৰাটী বনিয়াক গটাব বুলিও কয় প্ৰাক্তন বিজেপি সাংসদগৰাকীয়ে ৷ ইয়াৰ লগতে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা আৰ এছ এছ সদস্য অশোক শৰ্মাই নলবাৰীৰ সভাত উপেক্ষিত হোৱা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় প্ৰাক্তন সাংসদগৰাকীয়ে ৷ বিজেপিক দ্বিখণ্ডিত কৰাৰ আধাৰশিলা মই স্থাপন কৰিলো বুলি অশোক শৰ্মাই খোদ মুখ্যমন্ত্ৰীৰ আগতেই ক’বলগীয়া হোৱাৰ সমান বিজেপিৰ বেয়া অৱস্থা নাই বুলি কয় আৰ পি শৰ্মাই । অসমত বিজেপি দ্বিখণ্ডিত হোৱা বুলিও প্ৰাক্তন সাংসদগৰাকীয়ে মত আগবঢ়ায় ।

অসমৰ মানুহক কৃষি কৰ্মৰ পৰা আঁতৰাই ৰাখিবলৈ বিজেপি চৰকাৰে বিনামূলীয়া চাউল যোগানেৰে চেষ্টা চলাইছে আৰু এনেদৰে অসমৰ মানুহক কৃষি কৰ্মৰ পৰা আঁতৰাই ৰাখি অৱশেষত আমাৰ মানুহে খেতি নকৰে বুলি গুজৰাটীৰ হাতত অসমৰ কৃষি ভূমি গটাই দিব বুলিও ন-কংগ্ৰেছী নেতাগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰে । শেহতীয়াকৈ অসমৰ সম্পদ দীঘলীপুখুৰী বহিৰাগতক অৰ্পণ কৰাৰ প্ৰসংগত ৰাজ্য চৰকাৰক সমালোচনা কৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক অত্যাধিক বিশ টকা পৰিশোধ কৰিব লগা বিষয়টোত তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

লগতে শৰ্মাই বৰাক-ব্ৰহ্মপুত্ৰৰ পুৰণি বিজেপিসকলক কংগ্ৰেছ দলত যোগদান কৰিবলৈও আহ্বান জনায় । ন-কংগ্ৰেছীগৰাকীয়ে কংগ্ৰেছ দলৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

লগতে পঢ়ক :BJP’s big reshuffle: 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে 4 ৰাজ্যৰ সভাপতি সলনি কৰিলে গেৰুৱা দলে

ABOUT THE AUTHOR

...view details