অসম

assam

ETV Bharat / state

ৰাজনাথ সিঙে ৰাষ্ট্ৰৰ নামত উৎৰ্সগা কৰিব কিমিনৰ এটি পথ - অৰুণাচলৰ কিমিন

প্ৰতিৰক্ষা আৰু অসামৰিক যাতায়ত ব্যৱস্থাত গুৰুত্বপূৰ্ণ সংযোজন ঘটাই বৃহস্পতিবাৰে অৰুণাচলৰ কিমিন বিলগড়ৰ পৰা পুতিন সংযোগী এটি পথ ৰাষ্ট্ৰৰ নামত উৎৰ্সগা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh)। যুদ্ধ কালীন পৰিস্থিতিয়েই হওক নাইবা সাধাৰণ যাতায়ত ব্যৱস্থাৰ বাবেই হওক এই পথটোৱে সকলো দিশতে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

Rajnath Singh dedicates a road to Kimin in Arunachal in the name of the nation
ৰাজনাথ সিঙে(Rajnath Singh)ৰাষ্ট্ৰৰ নামত উৎৰ্সগা কৰিলে কিমিনৰ এটি পথ

By

Published : Jun 16, 2021, 7:28 PM IST

Updated : Jun 16, 2021, 9:54 PM IST

লখিমপুৰ, 16 জুন : বৃহস্পতিবাৰে অৰুণাচলৰ কিমিনলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Rajnath Singh)। লখিমপুৰৰ পৰা নাতিদূৰৈত থকা অৰুণাচলৰ অন্যতম প্ৰৱেশদ্বাৰ তথা অৰুণাচলৰ পাপুমপাৰে জিলাৰ অন্তৰ্গত কিমিনত নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পথ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে উৎসৰ্গা কৰিব ৰাষ্ট্ৰৰ নামত ৷ কিমিনৰ বিলগড়ৰ পৰা পুতিনলৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ পথটো ।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ আশা কৰা এই পথটোৰ অসামৰিক ক্ষেত্ৰটো থাকিব উল্লেখযোগ্য ভূমিকা । চীনৰ সীমান্তলৈ জৰুৰীকালীন পৰিস্থিতিত পৰোক্ষভাৱে হ'লেও সেনা তথা সা-সামগ্ৰী সৰবৰাহ তথা সংযোগ স্থাপন কৰাৰ বাবে পথটোৱে ল'ব গুৰুত্বপূৰ্ণ ভূমিকা ।

উল্লেখ্য যে, চীন আৰু ভাৰতীয় সেনাৰ গাড়োৱালত হোৱা সংঘাতে 16 জুনত এবছৰ সম্পূৰ্ণ কৰে ৷ এই সংঘাতৰ এটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ মাত্ৰ এদিনৰ পাচতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ পথ মুকলি কৰা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে ।

ইফালে, অৰুণাচলত কেন্দ্ৰীয় চৰকাৰে কোনো বৃহৎ আঁচনি স্থাপন অথবা উদ্ঘাটন কৰিলেই জাঙুৰ খাই উঠে চিৰ বৈৰী ৰঙা চীন । কিন্তু বৃহস্পতিবাৰে অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ এই কাৰ্যসূচীৰ পাচত চীনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।

লগতে পঢ়ক:দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক

Last Updated : Jun 16, 2021, 9:54 PM IST

ABOUT THE AUTHOR

...view details