অসম

assam

ETV Bharat / state

নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ মনোনয়ন দাখিল - আমছুৰ সদ্যপ্ৰাক্তন মুখ্য উপদেষ্টা আজিজুৰ ৰহমান

ৰাইজৰ দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব লাভ কৰা আমছুৰ সদ্যপ্ৰাক্তন মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে মঙলবাৰে ৷ ৰহমানৰ প্ৰাৰ্থিত্বই কংগ্ৰেছ আৰু অগপৰ শিবিৰত এক প্ৰকাৰৰ জোকাৰণি সৃষ্টি কৰিছে ৷

নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ মনোনয়ন দাখিল
নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ মনোনয়ন দাখিল

By

Published : Mar 10, 2021, 11:11 AM IST

নাওবৈচা,10 মাৰ্চ:কংগ্ৰেছ আৰু অগপৰ শিবিৰত কঁপনি তুলি নাওবৈচা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মঙলবাৰে মনোনয়ন দাখিল কৰিলে আজিজুৰ ৰহমানে ৷ ৰাইজৰ দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব লাভ কৰা আমছুৰ সদ্যপ্ৰাক্তন মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ প্ৰাৰ্থিত্বই কংগ্ৰেছ আৰু অগপৰ শিবিৰত এক প্ৰকাৰৰ জোকাৰণি সৃষ্টি কৰিছে ৷ কাৰণ ছাত্ৰ নেতা হৈ থকাৰে পৰা সমষ্টিটোৰ ৰাইজৰ মাজত বিশেষ জনপ্ৰিয় ৰহমান ৷

নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ মনোনয়ন দাখিল

মনোনয়ন দাখিল কৰি প্ৰাৰ্থী গৰাকীয়ে কয়, ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতি নিঃশেষ কৰি প্ৰকৃত অঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাই ৰাইজৰ দলৰ মূল লক্ষ্য ৷ গতিকে সদায় ৰাইজৰ হৈ কাম কৰি যাব ৷

অৱশ্যে ২৪ বছৰে আমছুত সক্ৰিয় ভাৱে কাৰ্যকাল কৰি তিনি বছৰ মুখ্য উপদেষ্টা হৈ থকা প্ৰাৰ্থী গৰাকীক ৰাজনীতিৰ ক্ষেত্ৰখনত সমষ্টিবাসী কেনেদৰে আদৰি লয় পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:AIUDF শূণ্য হ'ল দক্ষিণ শালমাৰা

ABOUT THE AUTHOR

...view details