অসম

assam

By

Published : Mar 28, 2020, 5:11 PM IST

ETV Bharat / state

বিহপুৰীয়াৰ ভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযান

শনিবাৰে গোপন সূত্ৰৰ ভিত্তিত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ভিন্ন স্থানত আবকাৰী বিভাগে চলোৱা অভিযানত, প্ৰায় 100 লিটাৰতকৈও অধিক সুৰা নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷

আবকাৰী বিভাগৰ অভিযান
আবকাৰী বিভাগৰ অভিযান

বিহপুৰীয়া, 28 মাৰ্চঃ ঠায়ে ঠায়ে বৰ্তমান সুৰাৰ বিপনীসমূহ বন্ধ কৰা হৈঠে যদিও, বৰ্তমানেও কিছুমান ভিতৰুৱা অঞ্চলত অব্যাহত আছে দেশীয় সুৰাৰ গোপন বেহা ৷ শনিবাৰে গোপন সূত্ৰৰ ভিত্তিত লখিমপুৰ জিলাৰ বিহপুৰীয়াত আবকাৰী বিভাগে এক অভিযান চলায় ৷ এই অভিযানত দলটোৱে বিহপুৰীয়াৰ বিভিন্ন স্থানত কেইবাটাও সুৰাৰ ঘাটি উচ্ছেদ কৰে ৷ প্ৰায় 100 লিটাৰতকৈও অধিক সুৰা নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷ অভিযোগ অনুসৰি লক ডাউনৰ সুযোগ লৈ বিহপুৰীয়াৰ কাচিকটা দেউৰী গাঁও আৰু পিঠাগুৰি দেউৰী গাঁৱত একাংশ লোকে চলাই আহিছিল সুৰাৰ অবৈধ বেহা ৷

বিহপুৰীয়াৰ ভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযান

For All Latest Updates

ABOUT THE AUTHOR

...view details