অসম

assam

ETV Bharat / state

ৰেডিঅ'ক সাৰথি কৰি লৈ জীৱন সংগ্ৰাম ৰিক্সাচালক হাচিম কাইৰ - জীৱন সংগ্ৰাম

দেশ-বিদেশৰ খবৰ বতৰা লৈ সংগীতৰ সোৱাদেৰে পুৱাই প্ৰতিদিনে ৰিক্সাখন লৈ নগৰলৈ ওলাই যায় নাৰায়ণপুৰৰ আব্দুল হাচিম কাই ৷ পেচাত ৰিক্সাচালক হাচিম কাইেয়ে প্ৰায় ৪০ বছৰৰ পৰাই ৰেডিঅটোকে বুকুত সামৰি লৈ ব্ৰতী আছে জীৱন সংগ্ৰামত ৷ হাচিম কাইৰ ৰেডিঅ'টোত ভাঁহি অহা গীতৰ মূৰ্চনাত মচগুল হৈ পৰে ৰিক্সাৰ যাত্ৰীসকল ৷

RADIO DAY SPECIAL
ৰেডিঅ'ক সাৰথি কৰি লোৱা ৰিক্সাচালক হাচিম কাই

By

Published : Feb 13, 2021, 9:47 PM IST

বিহপুৰীয়া,13জানুৱাৰী:দেশ-বিদেশৰ খবৰ বতৰা লৈ সংগীতৰ সোৱাদেৰে প্ৰতিদিনে পুৱাই ৰিক্সাখন লৈ নগৰলৈ ওলাই যায় নাৰায়ণপুৰৰ আব্দুল হাচিম কাই ৷ পেচাত ৰিক্সাচালক হাচিম কাইেয়ে প্ৰায় ৪০ বছৰৰ পৰাই ৰেডিঅ’টোকে বুকুত সামৰি লৈ ব্ৰতী হৈ আছে জীৱন সংগ্ৰামত ৷

হাচিম কাইৰ ৰেডিঅ'টোত ভাঁহি অহা গীতৰ মূৰ্চনাত মচগুল হৈ পৰে ৰিক্সাৰ যাত্ৰীসকল ৷ দীৰ্ঘদিন ধৰি ৰিক্সাৰ প্ৰতিগৰাকী যাত্ৰীক ৰেডিঅ'ৰ জৰিয়তে হাচিম কাইয়ে সোৱাদ দি আহিছে সংগীতৰ ৷

ৰেডিঅ'ক সাৰথি কৰি লৈ জীৱন সংগ্ৰাম ৰিক্সাচালক হাচিম কাইৰ

ৰিক্সাৰ চকা থমকি ৰ'লেও থমকি নৰয় হাচিম কাইৰ ৰেডিঅ'টো ৷ আজি বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে অসমবাসী ৰাইজক ৰেডিঅ' শুনিবলৈ আহ্বান জনালে হাচিম কাইয়ে ৷

তদুপৰি ৰেডিঅ'ৰ জৰিয়তে ন ন কথা জনাৰ উপৰি ৰেডিঅ'ত বাজি উঠা গানবোৰে পুৰণি দিনক সুঁৱৰাই বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে হাচিম কাইয়ে ৷

ইপিনে,হাচিম কাইৰ আছে অন্য এক চিনাকিও ৷ দিনৰ দিনটো ৰিক্সাৰ পেডেল মাৰি অৰ্জন কৰা কষ্টোপাৰ্জিত ধনৰ একাংশ আগবঢ়াই আহিছে ভোকাতুৰলৈ ৷ কালৰ সোঁতত হেৰাই যাব খোজা ৰেডিঅ'টো আজিও সাৱটি থকা সকলোৰে বুকুৰ কুটুম আব্দুল হাচিম ওৰফে হাচিম কাই আদৰ্শ হৈ ৰওক ৷

লগতে পঢ়কঃচন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ABOUT THE AUTHOR

...view details