লখিমপুৰ, 27 আগষ্ট:শনিবাৰে সন্ধ্যা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ড৹ কমল বৰুৱাৰ সোঁৱৰণীত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । সন্ধিয়া লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা 64 টা দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ৷ ড৹ কমল বৰুৱা সোঁৱৰণী প্ৰথমখন উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আন্তঃপ্ৰতিষ্ঠানিক কুইজ প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পাৰ্যয়লৈ প্ৰতিযোগীয়ে অংশ লয় ৷
মহাবিদ্যালয়খনে ইয়াৰ চলি থকা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে আয়োজন কৰা কুইজ প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে মাজুলীৰ অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ কুমাৰ বৰুৱাই । উদ্বোধনী ভাষণত উপাচাৰ্য ড৹ বৰুৱাই কয় যে, কুইজ প্ৰতিযোগিতা এখন কিতাপত পোৱাৰ দৰে কিবা উত্তৰ নহয় আৰু ই নিৰন্তৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু তথ্য সঞ্চয়ৰ ফল বুলি প্ৰশংসা কৰে ।
তেওঁ আৰু কয় যে কুইজ প্ৰতিযোগিতাৰ প্ৰশ্ন আকাশৰ তলৰ যিকোনো বস্তুৰ পৰাই আহে । উদ্বোধনী অধিৱেশনত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আয়োজক সমিতিৰ সভাপতি ড৹ মুকুন্দ ৰাজবংশী আৰু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ মুহিধৰ পূজাৰী উপস্থিত থাকে । ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনত শিক্ষা বিভাগত অধ্যাপনা কৰা ড৹ কমল বৰুৱালৈ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে গভীৰ শ্ৰদ্ধাঞ্জলী জনোৱা হয় ।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাৰ নেতৃত্বত প্ৰয়াত শিক্ষকজনৰ প্ৰতিচ্ছবিত পৰম্পৰাগত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । প্ৰয়াত ড৹ বৰুৱাৰ পত্নী তথা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ অৰূপা দত্তকো সেই উপলক্ষে মহাবিদ্যালয়খনে সম্বৰ্ধনা জনোৱা হয় । কুইজ প্ৰতিযোগিতাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক সমিতিৰ সমন্বয়ক অধ্যাপক কুলদীপ নাৰায়ণ দত্তই ।