অসম

assam

ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টৰ নামত একাংশ দালালৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ - নাওবৈচাত প্ৰতিবাদ

নাওবৈচাত একাংশ দালালৰ লুণ্ঠনৰাজ ৷ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ বেংক একাউণ্ট খুলিবলৈ দিয়া নিৰ্দেশনাৰ সুযোগ লৈ একাংশ দালাল চক্ৰই অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন ৷ ইয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে বজাৰস্থিত পাঞ্জাৱ নেশ্যনেল বেংকৰ শাখাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত শতাধিক পুৰুষ-মহিলাৰ ৷

nowboicha protest
নাওবৈচাত প্ৰতিবাদ

By

Published : Dec 4, 2020, 10:18 AM IST

লখিমপুৰ,4 ডিচেম্বৰ : ৰাজ্য চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ বেংক একাউণ্ট খুলিবলৈ দিয়া নিৰ্দেশনাৰ সুযোগ লৈ একাংশ দালাল চক্ৰই অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগেৰে বৃহস্পতিবাৰে লখিমপুৰৰ নাওবৈচাৰ দ’লহাট বজাৰস্থিত পাঞ্জাৱ নেশ্যনেল বেংকৰ শাখাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, বেংকৰ শাখাটোৰ এগৰাকী কৰ্মচাৰীৰ গোপন বুজাবুজিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ একাউণ্ট খোলাৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে একাংশ দালালে তিনিশ টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে । স্থানীয় কেইবাটাও দালালে বেংকৰ সমীপত অবৈধভাৱে কাউণ্টাৰ বহুৱাই অভিভাৱকসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপনেৰে বেংকৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । ইয়াৰোপৰি বেংক শাখাৰ সন্মুখতে চলাই থকা চিএছপি স্বত্বাধিকাৰী মনেশ্বৰ ভূমিজেও দীৰ্ঘদিন ধৰি চিএছপিত একাউণ্ট খোলা, লেনদেন আদি বিভিন্ন কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰ পূৰ্বেও এনে অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালকৈ সংবাদ মাধ্যমৰো শিৰোনামা দখল কৰি অহাৰ পাচতো উৰ্ধতন কৰ্তৃপক্ষই আজিলৈকে দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে ভিতৰুৱা গ্ৰামাঞ্চলৰ গ্ৰাহকসকল ৷ অতি দৰিদ্ৰ আৰু চাহ শ্ৰমিক শ্ৰেণীৰ গ্ৰাহক থকা শাখাটোৰ কৰ্মচাৰীয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰা, তেওঁৰ অধীনস্থ দালালে পূৰণ কৰা প্ৰ-পত্ৰৰ বাহিৰে অন্য প্ৰ-পত্ৰ গ্ৰহণ নকৰাৰ কাৰ্যই দীৰ্ঘদিন ধৰি গ্ৰাহকক অসহ্য কৰি তোলাৰ পৰিণতিতেই এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বেংক কৰ্তৃপক্ষৰ জৰুৰী হস্তক্ষেপ দাবী কৰে ভুক্তভোগী লোকসকলে ৷

লগতে পঢ়ক :পুনৰ পৰ্যটকৰ আগমণ ঘটিছে বিশ্বনাথৰ গুপ্তকাশীলৈ

ABOUT THE AUTHOR

...view details