লখিমপুৰ, ২৯ জুলাই: শুকুৰবাৰে নিশা লখিমপুৰৰ চাংমাই গাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যকাণ্ড ৷ সেই হত্যাকাণ্ডক লৈ শনিবাৰে উত্তপ্ত পৰিস্থিতি হয় ৷ ঘটনা অনুসৰি শুকুৰবাৰে নিশা চাংমাই গাঁৱৰ প্ৰণৱ শইকীয়া নামৰ লোকজনৰ ঘৰত চোৰ কৰিবলৈ গৈছিল চফিক নামৰ চোৰটোৱে ৷ চোৰ কৰিবলৈ গৈ প্ৰণৱ শইকীয়া নামৰ যুৱকক হত্যা কৰিলে ধৃত চফিকে ৷
শুকুৰবাৰৰ নিশা হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে ৰাইজে ৷ কেৱল সিমানে নহয় শ শ লোকে ৰাজপথলৈ ওলাই আহি লখিমপুৰৰ বাইপাচৰ পথ অৱৰোধ কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত জিলাৰ শীর্ষ আৰক্ষী বিষয়াৰ অনুৰোধত ৰাইজে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷ পাচত ধৃত চফিকৰ বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ক্ষোভিত ৰাইজে ৷