অসম

assam

ETV Bharat / state

Tense situation in Lakhimpur:লখিমপুৰত ৰাইজে আৱদ্ধ কৰিলে বিত্তীয় প্ৰতিষ্ঠানটোৰ বিষয়াক - heated situation atKadam Tiniali in Lakhimpur

লখিমপুৰত সোমবাৰে বিয়লি ৰাইজৰ ৰোষত পৰিল আৰোহণ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ বিষয়া । ঋণ দিব বুলি ফুচুলাই থকা প্ৰতিষ্ঠানটোৰ বিষয়াজনক ৰাইজে ৰাজপথতে আৱদ্ধ কৰি ৰাখে । অৱশেষত আৰক্ষীয়ে বিষয়াজনক উদ্ধাৰ কৰে।

Allegation against Aarohan Financial Institutio
আৰোহণ বিত্তীয় প্ৰতিষ্ঠানটোৰ বিষয়াক আৱদ্ধ

By

Published : Aug 21, 2023, 9:03 PM IST

আৰোহণ বিত্তীয় প্ৰতিষ্ঠানটোৰ বিষয়াক আৱদ্ধ

লখিমপুৰ, ২১ আগষ্ট:লখিমপুৰত সোমবাৰে বিয়লি ৰাইজৰ ৰোষত পৰে বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী । ইয়াকে কেন্দ্ৰ কৰি নগৰৰ সমীপৰ কদম তিনিআলিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আৰোহণ ফাইনেন্স নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ শাখা প্ৰবন্ধকক কেইবাঘন্টা আৱদ্ধ কৰে ৰাইজে । আৰোহণৰ একাংশ গ্ৰাহকে বগীনদীৰ সহযোগী শাখা প্ৰবন্ধকজনক কদম তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৱদ্ধ কৰি গ্ৰাহকসকলে প্ৰাপ্য ধন বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

গ্ৰাহকসকলে বিষয়াজনক কৰ্কথনা কৰি প্ৰাপ্য ধন ঘূৰাই বিচাৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পিছত উত্তেজিত গ্ৰাহকসকলে সপোন গোঁহাই নামৰ আৰোহণৰ বিষয়াজনক বগীনদী আৰক্ষীক গতাই দিয়ে ৷ আৰোহণৰ বগীনদী শাখাৰ প্ৰৱন্ধকজনক আৱদ্ধ কৰা সন্দৰ্ভত গ্ৰাহকসকলে কৰা অভিযোগ অনুসৰি প্ৰবন্ধক আৰু আন এগৰাকী কৰ্মচাৰীয়ে তেওঁলোকক ঋণ প্ৰদানৰ নামত বুজন পৰিমানৰ ধন সংগ্ৰহ কৰি নিয়াৰ দুমাহ উকলি যোৱাৰ পিছতো এইসকল গ্ৰাহকক ঋণ প্ৰদান নকৰিলে ৷ যাৰ বাবে একাংশ গ্ৰাহকে আৰোহণৰ কৰ্মচাৰীয়ে পুনৰ ধন সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত সপোন গোঁহাইক ঘেৰাও কৰি কেইবাঘন্টা আৱদ্ধ কৰি ৰাখে ৷

কদম তিনিআলিত ভূক্তভোগী গ্ৰাহকসকলে অভিযোগ কৰি কয় যে তেওঁলোকে ধন জমা দিয়াৰ পিচতো তেওঁলোকক কথামতে ঋণ আদায় নিদি তেওঁলোকৰ জমাধন আত্মসাৎহে কৰি আহিছে ৷ হালিমা বেগম, চাজি বেগম,ফৰমান আলী,মছিদা বেগম আদিয়ে কেইবামাহ পূৰ্বে আৰোহণ ফাইনেন্সক হাজাৰ হাজাৰ টকা জমা দিয়াৰ পিছতো এই পৰ্যন্ত ঋণ লাভ কৰাটো বাদেই তেওঁলোকৰ জমা ধনকেইটাও ঘূৰাই পোৱা নাই ৷

আজি পুনৰ তেওঁলোকৰ পৰা আৰোহণৰ সপোন গোঁহাইয়ে ধন সংগ্ৰহ কৰিবলৈ অহাৰ বাবেই পূৰ্বে প্ৰৱঞ্চিত গ্ৰাহকসকলে বিষয়াজনক আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে ৷ উত্তেজিত লোকসকলে আন দুজন কৰ্মীকো আৰক্ষীক গতাই দিয়ে ৷ ইফালে,আৰোহণৰ সংশ্লিষ্ট বিষয়াই কয় যে উক্ত গ্ৰাহকসকলে আৰোহণৰ পৰা পূৰ্বে ঋণ লৈছে আৰু তেওঁলোকৰ পৰা ঋণৰ কিস্তি আনিবলৈ যোৱাৰ সময়তে তেওঁলোকে আৰোহণৰ কৰ্মীক আৱদ্ধ কৰি বগীনদী আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক:Dress code for Teachers:অভিযোগ উত্থাপিত হোৱা বাবেহে ড্ৰেছ কোড নিৰ্দেশনা জাৰী :শিক্ষা মন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details