অসম

assam

ETV Bharat / state

ৰাজহুৱা নামাজত বাধা দিয়াৰ বাবেই আক্ৰমণ আৰক্ষীকঃ ৰাজ্যজুৰি চাঞ্চল্য

লখিমপুৰ জিলাৰ নাওবৈচাত সংঘটিত আৰক্ষীক আক্ৰমণৰ ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ লক্​ ডাউনৰ মাজতে সমজুৱাভাৱে নামাজ পঢ়া একাংশ লোকক বাধা প্ৰদান কৰাৰ বাবে উত্তেজিত লোকে আক্ৰমণ কৰে আৰক্ষীৰ এটা দলক ৷

public attacked on police at lakhimpur
ৰাইজৰ আক্ৰমণত আহত আৰক্ষী

By

Published : May 1, 2020, 11:06 AM IST

লখিমপুৰ,1 মে’ঃলখিমপুৰ জিলাৰ নাওবৈচাৰ পানধোৱাত বৃহস্পতিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ দেশত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ লক্​ ডাউনৰ মাজতে পানধোৱাত একাংশ ইছলামধৰ্মী লোক সমবেত হৈছিল নামাজ পঢ়াৰ বাবে ৷ আৰক্ষীয়ে এই বিষয়ে জানিব পৰাত দক্ষিণ পানধোৱাৰ কুৱেট মছজিদত উপস্থিত হৈ সমবেত লোকসকলক বাধা প্ৰদান কৰে ৷ কিন্তু, মছজিদটোত সমবেত লোকসকলে উত্তেজিত হৈ আৰক্ষীৰ দলটোৰ ওপৰত শিলাবৰ্ষণ কৰে ৷ ফলত আহত হয় নাওবৈচা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিশ্বজিত নাথকে ধৰি দুজন আৰক্ষী জোৱানৰ উপৰিও গাঁৱখনৰ গাঁওবুঢ়াগৰাকী ৷ আক্ৰমণটোত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰক্ষীৰ এখন বাহন ৷

ৰাইজৰ আক্ৰমণত আহত আৰক্ষী

ABOUT THE AUTHOR

...view details