নাওবৈচা, ১৪ জুন : বৰ্তমান আধুনিক সমাজত পৰিৱেশ প্ৰদূষণে এক ভয়াবহ সমস্যা হিচাপে পৰিগণিত হৈছে (Environmental pollution is a terrible problem) ৷ ইয়াৰ মাজতে আকৌ একাংশ ব্যক্তিগত কোম্পানীয়ে এই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰাত দিছে উদঙনি ৷ যাৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল নাওবৈচাৰ বৃহত্তৰ ডিজু অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে অঞ্চলটোৰ শিক্ষাৰ্থীসকল (Public and students Protest against private companies at Dejoo) ৷
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, ডিজুৰ জনাঞ্চজলত জধেমধে অবৈধ ক্ৰেচাৰ মিল আৰু বিটুমিন প্লাণ্ট স্থাপন কৰা ফলত অঞ্চলটোৰ জনজীৱন তথা প্ৰাকৃতিক ভাৰসাম্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । কিয়নো মেচাৰ্চ শিৱম ট্ৰাছকণ প্ৰাইভেট লিমিটেড নামত এটা বহুজাতিক কোম্পানীয়ে ডিজুত শিল ভঙা ক্ৰেছাৰ মেচিন, বিটুমিন প্লাণ্ট আৰু শিল বালি স্কেনাৰৰ এক বৃহৎ প্ৰকল্প স্থাপন কৰিছে ৷
যাৰ ফলত অঞ্চলটোত শব্দৰ লগতে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি (Air pollution levels rising) পাইছে ৷ আনকি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে অঞ্চলটোৰ ৰাইজে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, এই বৃহৎ প্ৰকল্পটোৰ মেচিনৰ পৰা দিনে নিশাই নিৰ্গত হয় ক'লা ধোঁৱা, ধূলি আৰু প্ৰচণ্ড শব্দ ৷