লখিমপুৰ, 8 নৱেম্বৰ :লখিমপুৰত সোমবাৰে 'অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থা'ৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু প্ৰচলন বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থাই ৷ শেহতীয়াকৈ দেশত বৃদ্ধি পোৱা মূল্যবৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে সাধাৰণ জনতাক ৷
ক’ভিড সৃষ্ট পৰিৱেশত বিগত দুটা বছৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দামে এতিয়া হতাশাত ভোগাইছে জনসাধাৰণক ৷ ইফালে মূল্যবৃদ্ধিৰ বিপৰীতে নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত লোকৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰা, পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ অভিযান বন্ধ কৰা, বয়-বস্তুৰ মূল্যবৃদ্ধি ৰোধ কৰা আদি বিভিন্ন দাবী তুলি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংস্থাটোৱে ৷