লখিমপুৰ, 29 অক্টোবৰ: ৰাজ্যজুৰি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলি আছে চৰকাৰী অভিযান (Anti drugs operation in Assam)। প্ৰায় প্ৰতিদিনে এই ড্ৰাগছ বিৰোধী অভিযানত বহু পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ উপৰিও গ্ৰেপ্তাৰ হৈছে ব্যৱসায়ী । পিছে চৰকাৰৰ এনে কঠোৰ স্থিতিৰ পাছতো থমকি ৰোৱা নাই ড্ৰাগছৰ বেহা (Drug smuggling in Assam) । শনিবাৰে লখিমপুৰৰ ডিৰ্জুত কৃষক মুক্তি সংগ্রাম সমিতি আৰু নাৰী মুক্তি সংগ্রাম সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এই নিষিদ্ধ বেহা বন্ধ কৰাৰ দাবী জনায় (KMSS protest against Drugs in Lakhimpur)।
লখিমপুৰত মাৰাত্মক ড্ৰাগছৰ ঘাটি উৎখাত কৰিব নোৱৰা আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনাই সংগঠন দুটাই । জিলাখনৰ ডিৰ্জু পঞ্চায়তৰ অন্তৰ্গত গ্ৰাম্য অঞ্চলত ড্ৰাগছৰ ঘাটি উচ্ছেদৰ বাবে দাবী জনায় প্ৰতিবাদকাৰী সকলে (Drugs smuggling in Lakhimpur)। ঘাটি উৎখাত কৰি দোষীক শাস্তি প্ৰদানৰো দাবী তোলে তেওঁলোকে । ড্ৰাগছমুক্ত অসম গঢ়াৰ সপোন দেখুওৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ।
ড্ৰাগছ পেডেলাৰক এনকাউন্টাৰ কৰি ডিঙিৰ শিৰ ফুলাই ভাষণ দিলে অসম ড্ৰাগছমুক্ত নহয় বুলিও তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । ড্ৰাগছ মাফিয়াৰে আৰক্ষীয়ে মিতিৰালি কৰাৰ অভিযোগ তুলি কমিচনৰ অংক বন্ধ কৰি ড্ৰাগছ মাফিয়াক শাস্তি প্ৰদানৰ দাবী কৃষক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ।