লখিমপুৰ,১৬ ছেপ্টেম্বৰ :শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উঠিছে (Recruitment scam in Assam)। জলসম্পদ, জলসিঞ্চন, তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি লগতে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীয়ে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (LMCH appointment scam)। বিভিন্ন দল-সংগঠনে এই কেলেংকাৰীক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
লখিমপুৰ জিলাত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest in Lakhimpur)। আছুৰ জিলা সমিতিয়ে লখিমপুৰ নগৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
নিযুক্তি কেলেংকাৰীক লৈ উত্তাল লখিমপুৰ কোনো কাৰণতে দুৰ্নীতিৰে প্ৰস্তুত কৰা লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ তালিকা মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে ছাত্র সন্থাই । স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা মুখ্যমন্ত্রীক তীব্ৰ সমালেচনা কৰি এই কেলেংকাৰীৰ উচিত তদন্তৰ দাবী জনায় ।
ছাত্র সন্থাৰ সমান্তৰালকৈ নগৰৰ গাৰ্লচ ৰোড চাৰিআলিত মুখ্যমন্ত্রীৰ লগতে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে (AJYCP protest)। প্ৰতিবাদৰ জৰিয়তে স্বাস্থ্য মন্ত্রীৰ পদত্যাগৰো দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । ইফালে বিজেপি চৰকাৰ, মুখ্যমন্ত্রী, স্বাস্থ্য মন্ত্রীক সকীয়নি প্ৰদান কৰি নিযুক্তি পৰীক্ষাৰ ফলাফল বাতিল কৰিবলৈ দাবী জনায় সংগঠনটোৱে । এই ফলাফল কোনো কাৰণতে মানি লোৱা নহ'ব আৰু পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰিলে ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন আৰম্ভ কৰা হ'ব বুলিও হুংকাৰ দিয়ে যুৱ ছাত্র পৰিষদৰ নেতৃত্বই ।
লগতে পঢ়ক:বকোত ৰাভা জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিবাদ