লখিমপুৰ, 3 চেপ্তেম্বৰ:বৃহস্পতিবাৰে লখিমপুৰৰ বগীনদীত সংযুক্ত বড়ো গণমঞ্চ আৰু ভিন্ন বড়ো জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নৱগঠিত বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ বিধেয়কখন বিধানসভাৰ চলিত অধিবেশনত অনুমোদন নোহোৱাৰ বাবেই তেওঁলোকে সাব্যস্ত কৰে প্ৰতাবাদ ৷ প্ৰতিবাদকাৰীসককে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে ৷
বিধেয়ক অনুমোদনৰ দাবীৰে বড়ো-কছাৰী পৰিষদৰ প্ৰতিবাদ - হাগ্ৰামা মহিলাৰী
নৱগঠিত বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ বিধেয়কখন বিধানসভাৰ চলিত অধিবেশনত অনুমোদন নোহোৱাৰ বাবে বৃহস্পতিবাৰে লখিমপুৰৰ বগীনদীত সংযুক্ত বড়ো গণমঞ্চ আৰু ভিন্ন বড়ো জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিটিএডিৰ বাহিৰত থকা বড়ো-কছাৰী সকলৰ দাবী তেওঁলোকে নস্যাৎ কৰি নিজৰ মুনাফাৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ যাৰ বাবে তেওঁলোকে হাগ্ৰামা মহিলাৰীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰতিবাদকাৰী সকলে জাতিদ্ৰোহী বুলি আখ্যা প্ৰদান কৰে ৷ সমগ্ৰ বড়ো-কছাৰী লোকক প্ৰতাৰণা কৰাৰ বাবে তেওঁলোকৰ ধ্বংসও কামনা কৰিলে ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে ৷ বড়ো-কছাৰী সকলৰ দাবী জাতিটো নিঃশেষ হৈ যোৱালৈ অব্যাহত থাকিব বুলি উল্লেখ কৰি, এনে নহ'লে 2021 চনত তেওঁলোকে ইয়াৰ বাবে ভুগিব বুলি সংবাদ মাধ্যমযোগে সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক:নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অমান্য কৰি কলাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভা