লখিমপুৰ,২৭ জুন: এতিয়া খেতিৰ বতৰ । ৰাজ্যজুৰি কৃষক ৰাইজে পথাৰত হাল বোৱা, ৰোৱনীয়ে ভূই ৰোৱাৰ দৃশ্য সুলভ । পিছে এনে সময়তে লখিমপুৰত প্ৰকাশ পালে এক ব্যতিক্রমী চিত্ৰ । লখিমপুৰতো ৰোৱনীয়ে ভুঁই ৰুইছে ! কিন্তু পথাৰত নহয়, পথৰ ওপৰত ৰাইজে ৰুলে কঠীয়া । বানেধোৱা নাওবৈচাত মঙলবাৰে সূলভ সূলভ হ'ল এই দৃশ্য ।
ফকীৰ চুবুৰীৰ এটা বিধ্বস্ত পথ মেৰামতি নকৰাৰ প্ৰতিবাদত ৰাইজে পথত কঁঠীয়া ৰুইছে । স্থানীয় ৱাৰ্ড সদস্য, পঞ্চায়তৰ পৰা বিধায়কৰ ওচৰত ৰাইজে পথটো মেৰামতি কৰাৰ আবেদন জনাই ভাগৰি পৰিল । কিন্তু দীর্ঘসময় ধৰি বিধ্বস্ত পথ বিধ্বস্ত হৈয়েই ৰ'ল । ৰাইজে চৰম যাতনা ভূগি এই পথেৰেই বোকাপানী গচকি যাতায়াত কৰিবলগীয়া হ'ল ।
অৱশেষত ধৈর্য হেৰুৱালে ৰাইজে । মঙলবাৰে গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ । বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁৰ পুত্তলিকা দাহ কৰাৰ লগতে পথত কঁঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । বিধায়ক ভৰত নৰহ গ' বেক, কংগ্রেছ কাম নাই, কংগ্রেছ হায় হায় আদি শ্লোগান দি ক্ষোভ উজাৰে স্হানীয় ৰাইজে ।