লখিমপুৰ, ২৬ ডিচেম্বৰ: লখিমপুৰৰ এগৰাকী আদিবাসী যুৱতী ওদালগুৰিলৈ ৰে’লেৰে ফুৰিবলৈ যোৱা অৱস্থাত ৰে’লৱে আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (RPF Jawan molests teen girl from Lakhimpur)৷ উক্ত অভিযোগৰ ভিত্তিত সোমবাৰে কেইবাটাও আদিবাসী সংগঠনে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অভিযোগকাৰী ভুক্তভোগী যুৱতীগৰাকীক ন্যায় প্ৰদানৰ লগতে দোষীক ফাঁচি দিয়াৰ দাবীত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে আদিবাসী সংগঠনকেইটাৰ কৰ্মীসকলে (Protest in Lakhimpur)৷
সদৌ অসম আদিবাসী ছাত্ৰসন্থাই সোমবাৰে উত্তাল কৰি তুলিলে লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ৷ উক্ত প্ৰতিবাদত সহযোগ কৰে আদিবাসী মহিলা সমিতি, সদৌ অসম গড়ৱান ছাত্ৰ সন্থা, মৰীয়া যুৱ ছাত্ৰ সন্থা, চাহ জনজাতি মহিলা সমিতি আদিয়ে ৷ এগৰাকী 16 বছৰীয়া কিশোৰীক ৰঙাপাৰা ৰে'লৱে ষ্টেচনত ৰে'লৱে আৰক্ষীত কৰ্মৰত হীৰেন গগৈ নামৰ লোকজনে ধৰ্ষণ কৰাৰ অভিযোগৰ ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
প্ৰতিবাদকাৰীসকলে যুৱতীগৰাকীৰ ন্যায় বিচাৰি লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, যোৱা ২১ ডিচেম্বৰত লখিমপুৰৰ তিনি নং বালিজান নিবাসী ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে লীলাবাৰী ৰে'ল ষ্টেচনৰ(Lilabari Railway Station) পৰা ৰে’লেৰে ওদালগুৰিত থকা তেওঁৰ সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ গৈছিল ৷ ৰে’লখন শোণিতপুৰৰ ৰঙাপৰা জাংচনত(Rangapara North Junction) উপস্থিত হোৱাৰ পাছত অজ্ঞাত কাৰণত কিশোৰীগৰাকী প্লেটফৰ্মত বহি থকা দেখা যায় ৷