অসম

assam

ETV Bharat / state

বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ বিহপুৰীয়াৰ পুলিনাহৰণিবাসী - বিদ্যুৎ কৰ্তন

এফালে উৎকট গৰম ৷ আনফালে ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু ৷ বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ এইবাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়তৰ পুলিনাহৰণিবাসী (Public protest against Electricity department at Bihpuria)৷

Protest for regular power supply at Bihpuria
বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ বিহপুৰীয়াৰ পুলিনাহৰণিবাসী

By

Published : Aug 25, 2022, 7:50 PM IST

বিহপুৰীয়া, 25 আগষ্ট : ‘‘বিদ্যুৎ কৰ্তন কৰিবলৈ আগত যায় বিহপুৰীয়াৰ বিদ্যুৎ কৰ্মী ৷ কিন্তু প্ৰয়োজনীয় সময়ত গছত লাগি থকা তাঁৰ কাটিবলৈহে নাহে বিদ্যুৎ কৰ্মী ৷ কেৱল সেয়াই নহয়, ভল্টেজ নথকাৰ ফলত থাকিও নথকা ৰূপত আছে নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়তৰ পুলিনাহৰণি অঞ্চলৰ বিদ্যুৎ ব্যৱস্থা’’ ৷ এই অভিযোগ পুলিনাহৰণিবাসীৰ ৷

বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ বিহপুৰীয়াৰ পুলিনাহৰণিবাসী

উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ ইয়াৰ মাজতে বিদ্যুতৰ লুকা-ভাকুৱে সৰিয়ঁহ ফুল দেখুৱাইছে বিহপুৰীয়াৰ পুলিনাহৰণিবাসীক ৷ উপায়ন্তৰ হৈ বৃহস্পতিবাৰে পুলিনাহৰণিবাসীয়ে বিহপুৰীয়াৰ বিদ্যুৎ উপ-সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Public protest against Electricity department at Bihpuria)।

লগতে পঢ়ক :কলগাছিয়াত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত ৰাইজৰ প্ৰতিবাদ

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিগত 5 বছৰ ধৰি বিদ্যুতৰ যোগান ব্যাহত হৈ আছে উক্ত অঞ্চলটোত । সমষ্টিটোৰ প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা আৰু বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ জৰিয়তে এই সন্দৰ্ভত বহুবাৰ আবেদন নিবেদন কৰিছিল ৷ কিন্তু কোনো সদুত্তৰ নাপালে অঞ্চলটোৰ ৰাইজে ৷

উপায়ন্তৰ হৈ 30 কিলোমিটাৰ দূৰৰ পৰা আহি অঞ্চলটোৰ ৰাইজে বিহপুৰীয়াৰ বিদ্যুৎ উপ-সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ (Protest for regular power supply at Bihpuria) ৷ আনকি যেতিয়ালৈকে অঞ্চলটোত বিদ্যুতৰ সমস্যা দূৰ নহয়, তেতিয়ালৈকে অঞ্চলটোত বিদ্যুৎ বিল বিচাৰি নাজাবলৈও বিভাগীয় বিষয়া তথা কৰ্মচাৰীক কঠোৰ ভাষাৰে সকিয়নী প্ৰদান কৰে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details