অসম

assam

ETV Bharat / state

লোড-শ্বেডিং: মাজনিশা বিহপুৰীয়াত উত্তাল প্ৰতিবাদ

বিহপুৰীয়াৰ ভকতগাঁৱত লোড-শ্বেডিঙত অতিষ্ঠ হৈ গাঁওবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মাজনিশা প্ৰতিবাদকাৰীসকলে শক্তি বিভাগক গৰিহণা দি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে বিহপুৰীয়াৰ ৰাজপথ ৷

By

Published : Aug 6, 2020, 10:21 AM IST

PROTEST_ELECTRICITY_BIHPURIA
মাজনিশা বিহপুৰীয়াত উত্তাল প্ৰতিবাদ

লখিমপুৰ,6 আগষ্ট: বুধবাৰে মাজনিশা বিহপুৰীয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিহপুৰীয়াৰ ভকতগাঁৱৰ ৰাইজে ৷ অনিয়মীয়া বিদ্যুত যোগানৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ ৰাইজে ৷ প্ৰতিবাদকাৰীসকলে শক্তি বিভাগক গৰিহণা দি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে বিহপুৰীয়াৰ ৰাজপথ ৷

মাজনিশা বিহপুৰীয়াত উত্তাল প্ৰতিবাদ

অন্য এক খবৰৰ বাবে:লাডাখত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান বিজেপিৰ

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি,বিহপুৰীয়া বিদ্যুত উপ সংমণ্ডলৰ অধীনৰ বৃহত্তৰ অঞ্চলটোত লোড-শ্বেডিঙত অতীষ্ঠ হৈ পৰে গাঁওবাসী ৷ ২৪ ঘন্টাৰ ৪ঘন্টাও বিদ্যুতৰ সুবিধা লাভ নকৰাৰ অভিযোগ ৰাইজৰ ৷ এই সন্দৰ্ভত ৰাইজে উপ সংমণ্ডল কাৰ্যালয়ত বহুবাৰ অভিযোগ দাখিল কৰিছে যদিও উপ সংমণ্ডল বিষয়াগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে স্থানীয় লোকে ৷ যাৰ বাবে ৰাইজে মাজনিশা হাতে-হাতে বিচনী লৈ ৰাজপথত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে ।

ABOUT THE AUTHOR

...view details