অসম

assam

অৰুণাচলত কোভিড আক্ৰান্তক চিকিৎসালয়ৰ পৰা খেদি পঠিওৱাৰ অভিযোগ

By

Published : Jul 26, 2020, 4:32 PM IST

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তিসকলক ৰাজ্য়খনত চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে খেদি পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৰুণাচল চৰকাৰ তথা প্ৰশাসনৰ উক্ত কাৰ্যৰ বিৰোধিতাৰে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰৰ বান্দৰদেৱাৰ ব্যৱসায়ীসকলে ৷

Protest due to covid 19 at assam arunachal broder lakhimpur assam etv bharat news
প্ৰতিবাদমুখৰ অসম-অৰুণাচল সীমান্ত

বিহপুৰীয়া,26 জুলাই: কৰ’ণা সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিৰ দিশে অসম-অৰুণাচল সীমান্ত ৷ বিগত দুদিনত অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তিসকলক ৰাজ্য়খনত চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে খেদি পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৰুণাচল চৰকাৰ তথা প্ৰশাসনৰ উক্ত কাৰ্যৰ বিৰোধিতাৰে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰৰ বান্দৰদেৱাৰ ব্যৱসায়ীসকলে ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ীসকলে ৷

প্ৰতিবাদমুখৰ অসম-অৰুণাচল সীমান্ত

প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকাললৈ চুবুৰীয়া ৰাজ্যখনলৈ সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ প্ৰদানেৰে অৱৰোধ কৰে ঘাইপথটি ৷ ইফালে বিভিন্ন সামগ্ৰী ভৰ্তি বাহনসমূহ ৰাজ্যখনলৈ যাব নোৱাৰাত অঞ্চলটোৰ য’তে-ত’তে বিচৰণ কৰি ফুৰে বাহনসমূহৰ চালকৰ লগতে হেণ্ডিমেনসকল ৷ ফলত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক প্ৰকট হৈ পৰিছে উক্ত অঞ্চলত ৷ পৰৱৰ্তী সময়ত দুয়োখন ৰাজ্যৰ প্ৰশাসনে আলোচনাৰ মাধ্যমেৰে বাহনসমূহ ৰাজ্যখনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়াত শাম কাটে প্ৰতিবাদ ৷ কিন্তু আগন্তুক সময়ত অৰুণাচল চৰকাৰে বিষয়টো সন্দৰ্ভত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃকাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক !

ABOUT THE AUTHOR

...view details