লখিমপুৰ, 16 আগষ্ট : অৰুণাচল প্ৰশাসন গ’ বেক, লখিমপুৰ প্ৰশাসনৰ কাম নাই, অৰুণাচলী গ’ বেক, অসম চৰকাৰ হুচিয়াৰ ইত্যাদি শ্ল’গানেৰে উত্তাল হ’ল লখিমপুৰ (Protest in Lakhimpur) ৷ অৰুণাচলী দুষ্কৃতিকাৰীক আটক কৰাৰ দাবীত স্থানীয় যুৱকে লখিমপুৰৰ অৰুণাচল সংযোগী ৰূপহী ৰাজগড়ৰৰ মূলপথটো অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ (Protest demands arrest of Arunachal miscreants) ।
উল্লেখ্য যে, দেওবাৰে অৰ্থাৎ 14 আগষ্টৰ নিশা 12 জনীয়া এটা গাঁওৰক্ষী বাহিনীৰ দলক প্ৰহাৰ কৰিছিল অৰুণাচলী দুষ্কৃতিকাৰীয়ে ৷ এই কথা জিলা আৰক্ষী তথা প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই অভিযোগ উত্থাপন কৰিছে অৰুণাচল সীমান্তত অৱস্থিত লখিমপুৰৰ স্থানীয় যুৱকে ৷