অসম

assam

By

Published : Nov 10, 2022, 9:59 PM IST

ETV Bharat / state

Anganwadi workers protest: অংগনৱাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত লখিমপুৰতো অংগনৱাড়ী সন্থাৰ প্ৰতিবাদ

ৰাজ্যজুৰি আজি অংগনৱাড়ী কর্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ (Anganwadi workers protest across Assam) ৷ অংগনৱাড়ী কেন্দ্ৰসমূহক একত্ৰীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা (Assam Govt Decision to merge Anganwadi centres), চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰপ্রাপ্ত কর্মী-সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা আৰু সকলো অংগনৱাড়ী কেন্দ্ৰৰ আন্তগাঁথনি উন্নত কৰাৰ দাবীত এই প্ৰতিবাদ ৷

Protest demanding cancellation of decision to merge Anganwadi centres
অংগনৱাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত লখিমপুৰত অংগনৱাড়ী সন্থাৰ প্ৰতিবাদ

লখিমপুৰ, ১০ নৱেম্বৰ: ৰাজ্যজুৰি বৃহস্পতিবাৰে অংগনৱাড়ী কর্মী-সহায়িকাসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Anganwadi workers protest across Assam) ৷ ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা (Assam Govt Decision to merge Anganwadi centres),চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰপ্রাপ্ত কর্মী-সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা আৰু সকলো অংগনৱাড়ী কেন্দ্ৰৰ আন্তগাঁথনি উন্নত কৰাৰ দাবীত ৰাজ্যৰ ভিন্ন জিলাত আজি অংগনৱাড়ী কর্মী-সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো আজি অংগনৱাড়ী কর্মী-সহায়িকাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ জিলাখনৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ বিভিন্ন ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ (Anganwadi workers protest in Lakhimpur)।

১৯৭৫ চনৰ ২ অক্টোবৰ পৰা কেন্দ্রীয় চৰকাৰে প্ৰৱৰ্তন কৰা শিশু বিকাশ আচঁনিখনে ৪৪ বছৰ উকলি যোৱাৰ পাছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়োজিত কৰ্মী আৰু সহায়িকাসকলে উপযুক্ত সা-সুবিধা নোপোৱাৰ অভিযোগ ৷ । অৱসৰপ্ৰাপ্ত কৰ্মী আৰু সহায়িকাক তৎকালীনভাৱে এককালীন সাহায্য প্ৰদান কৰা, অংগনৱাড়ী কেন্দ্রসমূহ একত্ৰীকৰণ বন্ধ কৰা, সকলো অংগনৱাড়ী কেন্দ্রক আদৰ্শ কেন্দ্র ৰূপে গঢ়ি তোলা, কেন্দ্রসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা, অংগনৱাড়ীৰ ৬ টা সেৱাৰ বাহিৰে স্বাস্থ্য কৰ্মীৰ লগত ঘৰে ঘৰে গৈ জৰিপ কৰা আদি কাৰ্য্যত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক ব্যৱহাৰ কৰা বন্ধ কৰাৰ দাবীত উত্তাল কৰি তোলে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় চৌহদ ।

উল্লেখ্য যে, কর্মী-সহায়িকাসকলৰ বহু আন্দোলনৰ ফলত যোৱা বছৰৰ ২০২১ বৰ্ষৰ ২৪ ডিচেম্বৰত অসম চৰকাৰে অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকাসকলক এককালীন সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিছিল । এই ঘোষণাৰ আজি ১১ মাহ উকলি যোৱাৰ পিছতো চৰকাৰে কৰ্মী-সহায়িকাসকলক এই সাহায্য প্রদান নকৰাৰ অভিযোগ ।

প্ৰতিবাদী অংগনৱাড়ী কর্মী-সহায়িকাৰ এই দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে, পৰৱৰ্তী সময়ত সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Anganwadi workers protest: অংগনৱাড়ী কেন্দ্ৰৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত অংগনৱাড়ী সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details