নাওবৈচা: ৫ মে : নাওবৈচাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ জগন্নাথ মন্দিৰ-হাৰিবৰ দলনী সংযোগী পথত সংঘটিত দুৰ্নীতি ৷ হাইদৰ আলি নামৰ ঠিকাদাৰজনে মুঠ ১৮০.০৭ লাখ ব্যয়ৰে লাভ কৰিছিল পথ নিৰ্মাণৰ কাম ৷ পথত এটা কালভাৰ্ট নিৰ্মাণৰ কাৰণে প্ৰকাণ্ড গাঁত খন্দাত জীয়াতু ভুগিছে ৰাইজে । আনহাতে, বিগত ২ বছৰ ধৰি পথছোৱা মেৰামতি নোহোৱাত ক্ষোভিত হৈছে অঞ্চলবাসী ৰাইজ ৷ ফলত দেওবাৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলবাসীয়ে ।
নাওবৈচাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - protest
বিগত ২ বছৰ ধৰি পথছোৱা মেৰামতি নোহোৱাত ক্ষোভিত হৈছে অঞ্চলবাসী ৰাইজ ৷ ফলত দেওবাৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলবাসীয়ে ।

নাওবৈচাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
নাওবৈচাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতি হোৱাৰ সম্পৰ্কত লখিমপুৰ জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পাচতো বিগত দুটা বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ক্ষোভিত সাধৰণ জনতা ৷ ঠিকাদাৰ হাইদৰ আলি নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবে দুৰ্নীতি কৰিবলৈ সুবিধা পাইছে বুলিও একাংশ সচেতন নাগৰিকে অভিযোগ উত্থাপন কৰে ।অতি সোনকালে গাতখন্দা অংশ নিৰ্মাণ নকৰিলে ভুক্তভোগি ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলিও হুংকাৰ দিয়ে ।