অসম

assam

By

Published : Sep 2, 2022, 5:24 PM IST

ETV Bharat / state

চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ডিক্ৰং চাপৰিত প্ৰতিবাদ

‘‘মামা আমাক শিক্ষাৰ পৰা বঞ্চিত নকৰিব ৷ আমাৰ বিদ্যালয় আমাক দিয়ক মামা ৷ চৰকাৰৰ নীতি সলনি কৰক’’ আদি শ্ল’গানেৰে উত্তাল হ’ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অধীনৰ পথালি পাহাৰৰ ডিক্ৰং চাপৰি জনজাতি হাইস্কুলৰ চৌহদ (Protest in Lakhimpur)৷ অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা বিদ্যালয় একত্ৰীকৰণৰ বিৰোধিতা কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও সাব্যস্ত কৰে প্ৰতিবাদ (Students protest at Dikrong Chapori) ৷

Protest against school amalgamation in Bihpuria
চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ডিক্ৰং চাপৰিত প্ৰতিবাদ

বিহপুৰীয়া, 2 ছেপ্টেম্বৰ : শুকুৰবাৰেপ্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ জিলাৰ ডিক্ৰং চাপৰি ৷ এইবাৰ ডিক্ৰং চাপৰিত শ্ৰেণীকোঠা এৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বহু শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো (Students protest at Dikrong Chapori) ৷ কিয়নো ৰাজ্যৰ শিক্ষা বিভাগে বহু চৰকাৰী বিদ্যালয় একত্ৰিত কৰিবলৈ লৈছে ৷

চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ডিক্ৰং চাপৰিত প্ৰতিবাদ

এই একত্ৰীকৰণৰ ভিতৰত থকা বিদ্যালয়সমূহৰ মাজত আছে ডিক্ৰং চাপৰি জনজাতি হাইস্কুলখনৰ নামো (Assam Govt decision on School amalgamation)৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো ৷ বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ দাবী- এই অঞ্চলটোৰ পৰা বিদ্যালয়খন স্থানান্তৰৰ লগতে অন্য বিদ্যালয়ৰ লগত চামিল কৰিব নালাগে ৷ এনে কৰিলে অঞ্চলটোৰ বহু শিক্ষাৰ্থী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব ৷

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

একপ্ৰকাৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে মূৰত ৰাম টাঙোন সোধাইছে অঞ্চলটোৰ বহু দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীক ৷ এই অভিযোগ প্ৰতিবাদী অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ ৷ সেয়ে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details