বিহপুৰীয়া, ১৫ নৱেম্বৰ:ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ত্রিশগৰাকীতকৈ কম ছাত্র-ছাত্রী থকা প্ৰাথমিক বিদ্যালয় সমূহ একত্রীকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাকলৈ তীব্ৰ ক্ষোভ প্রকাশ কৰিছে সচেতন যুৱ উন্নয়ন মঞ্চ,অসমে । চৰকাৰী বিদ্যালয় ধ্বংস কৰি ব্যক্তিগত বিদ্যালয়লৈ ৰঙা দলিচা পাৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি লখিমপুৰ জিলাৰ শিমলুগুৰি প্রেছ ক্লাবত বুধবাৰে এক সংবাদমেল সম্বোধন কৰে সচেতন যুৱ উন্নয়ন মঞ্চৰ কেন্দ্ৰীয় নেতৃত্বই ।
নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত শিমলুগুৰিত ৰাইজে গাঁঠিৰ ধন খৰছ কৰি ১৯৫৪ চনত স্থাপন কৰা ৬২৫ নং বহুপথাৰ প্ৰাথমিক বিদ্যালয় আৰু ১৯৭৮ চনত স্থাপিত উজনি বহুপথাৰ প্ৰাথমিক বিদ্যালয় আৰু নিমুৰী সন্দিকৈ প্ৰাথমিক বিদ্যালয় কেইখন শীঘ্ৰে অন্য বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিব বুলি জানিব পাৰি সচেতন যুৱ উন্নয়ন মঞ্চ, অসমে শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংবাদ মেলত তীব্ৰ ক্ষোভ ব্যক্ত কৰে । সচেতন যুৱ উন্নয়ন মঞ্চ লগতে বিদ্যালয় কেইখনৰ একত্ৰীকৰণ বাতিল নকৰিলে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে জংগী আন্দোলনৰ দৰে কাৰ্যসূচী গ্রহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ।