অসম

assam

ETV Bharat / state

Effigy Burn : লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বিৰুদ্ধে প্ৰতিবাদ

বিহপুৰীয়াত লোক নিৰ্মাণ বিভাগ আৰু বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে খড়্গহস্ত জনতা ৷ দায়িত্বজ্ঞানহীন ঠিকাদাৰৰ প্ৰতিকৃতি জ্বলিল বিহপুৰীয়াত ৷ লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ প্ৰফুল্ল বৰাৰ জুমুঠি দাহ উত্তেজিত জনতাৰ ৷

By

Published : Nov 17, 2021, 11:48 AM IST

protest-against-poor-quality-of-work-of-c-and-contractors-at-bihpuria-assam-etv-bharat-news
নিম্ন মানৰ কামৰ বিৰুদ্ধে প্ৰতিবাদ

বিহপুৰীয়া, 17 নৱেম্বৰ :বিহপুৰীয়াবাসীক বছৰ বছৰ ধৰি জলা-কলা খুৱাই অহা এটা বিধ্বস্ত পথৰ নিৰ্মাণকাৰ্য এবছৰেও সম্পূৰ্ণ কৰিব নোৱাৰা এজন ঠিকাদাৰৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল অঞ্চলবাসী ৷ বিহপুৰীয়াবাসীৰ বহু আবেদন-নিবেদনৰ অন্তত বিহপুৰীয়া নগৰৰ পৰা দহঘৰীয়া সংযোগী পথছোৱা নিৰ্মাণৰ বাবে ২০২০ বৰ্ষত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা(PMGSY)ৰ অধীনত আৱন্টিত হৈছিল ৩ কোটি ৬১ লাখ টকা ৷

ধন আৱন্টন হোৱাৰ পিছত সেই বৰ্ষৰে ২৫ মে' তাৰিখে শুভাৰম্ভ হৈছিল আচঁনিখন ৰূপায়নৰ কাম ৷ কাম আৰম্ভ কৰাৰ ৯ মাহৰ ভিতৰত সমাপ্ত কৰিবলগীয়া আচঁনিখনৰ এই পৰ্যন্ত আগনাবাঢ়িল অলপো কাম । স্থানীয় ৰাইজে গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণকাৰ্য সোনকালে সম্পূৰ্ণ কৰিবলৈ বাৰম্বাৰ দাবীৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় ঠিকাদাৰ প্ৰফুল্ল বৰাই ৷

নিম্ন মানৰ কামৰ বিৰুদ্ধে প্ৰতিবাদ

কেৱল চৰকাৰী বিষয়া-কৰ্মচাৰীক লগত লৈ পথছোৱাত কেইমুঠিমান শিল চটিয়াই আভুৱা ভাৰে যদিও দুদিনৰ পিছত আকৌ পথটো নিৰ্মাণকাৰ্য বন্ধ হৈ পৰে । বিভিন্ন অজুহাত দায়সৰা মন্তব্যৰে ঠিকাদাৰগৰাকীয়ে আজিও পথছোৱাৰ কাম শেষ কৰিব নোৱৰা ঠিকাদাৰ প্ৰফুল্ল বৰাৰ এনে পালমৰা কামৰ বিৰুদ্ধে ক্ষুব্ধ হৈ স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পথ নিৰ্মাণৰ দাবী উত্থাপন কৰে ৷

পথছোৱাৰ জাপজুপ তিনিআলিত পুৰুষ-মহিলা আৰু যুৱক-যুৱতীসকলে হাতে হাতে দাবী সম্বলিত প্লে’ কাৰ্ড লৈ ঠিকাদাৰ প্ৰফুল্ল বৰা মুৰ্দাবাদ, লোকনিৰ্মাণ বিভাগ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে ঠিকাদাৰ প্ৰফুল্ল বৰা আৰু লোকনিৰ্মাণ বিভাগৰ প্ৰতিকৃতি দাহ কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷

আন একাংশ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নিৰ্মাণৰত এই পথছোৱাৰ কাম ৯ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিছিল যদিও কি কাৰণত দুটা বছৰে সম্পূৰ্ণ নহ'ল তাকলৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ৷ ইতিমধ্যে আচঁনিখনৰ বিপৰীতে ঠিকাদাৰক বিভাগে কিছু পৰিমানৰ ধন মুকলি কৰি দিছে যদিও আচঁনিখন সফল ৰূপায়নত ঠিকাদাৰে কৃপণালি কৰাৰ সন্দেহ কৰিছে অঞ্চলবাসীয়ে ৷

অৱশ্যে মঙলবাৰৰ প্ৰতিবাদৰ 24 ঘন্টাৰ ভিতৰত যদি বিভাগে পথছোৱাৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ নকৰে তেনেহ’লে পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি প্ৰতিবাদত অংশ লোৱা বিহপুৰীয়াৰ AJYP আৰু TMPKৰ কৰ্মীসকলে হুংকাৰ দিয়ে ৷ ইপিনে আন একাংশ লোকে পথছোৱাত দেখা দিয়া অনিয়ম আৰু দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ লগতে স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাক পথছোৱাত সংঘটিত হোৱা বেমেজালিৰ ক্ষেত্ৰত লোৱা মৌনব্ৰত ভংগ কৰিবলৈ দাবী জনাইছে ।

লগতে চাওক:Drugs Seized :বোকাজানত প্ৰায় 12 কোটি টকাৰ হেৰ’ইন জব্দ

ABOUT THE AUTHOR

...view details