এন এইচ পি চিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিবাদ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ উত্তাল উত্তৰ অসম । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল গঠন ৷
লখিমপুৰ, 09 চেপ্তেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ উত্তাল উত্তৰ অসম । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল গঠন ৷ সোমবাৰে সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ বাধা প্ৰদান কৰে ৷ মহৰী কেম্পৰ পৰা গেৰুকামুখৰ ফালে অগ্ৰসৰ হোৱা শ শ প্ৰতিবাদীকে আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় যাৰ বাবে ৰাজপথত বহি পৰে সকলো প্ৰতিবাদকাৰী ৷ পৰৰ্বতী সময়ত জিলা দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও সংগঠনটোৰ নেতৃবৃন্দই অতি শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত এন এইচ পি চি আৰু ৰাজ্য চৰকাৰে সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে ৷