অসম

assam

প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ ৰাইজ: নাওবৈচাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jun 9, 2022, 8:45 PM IST

নাওবৈচাৰ হাতীয়েমৰা মধ্য ইংৰাজী বিদ্যালয়ত চৰম অৰাজকতা(Extreme corruption of headmaster at Nowboicha ME school) । এঘাৰ বজাতহে শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত হয় বিদ্যালয়খনত । প্ৰধান শিক্ষক ৰুছিকান্ত বৰুৱাৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে সাব্য়স্ত কৰিলে প্ৰতিবাদ । প্ৰধান শিক্ষকে জোখতকৈ বেছি ছাত্ৰ-ছাত্ৰী দেখুৱাই মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ(Accused of embezzlement of mid day meal money) ।

protest against headmaster in nowboicha
প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ ৰাইজ: নাওবৈচাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ

নাওবৈচা,৯ জুন: অসম চৰকাৰৰ শিক্ষা বিভাগে কোটি কোটি টকাৰ ব্যয় সাপেক্ষে বুনিয়াদী শিক্ষাৰ আমূল পৰিবৰ্তন আনিবলৈ যিমানেই চেষ্টা নকৰক কিয় একাংশ প্ৰধান শিক্ষকে এই সমগ্ৰ প্ৰক্ৰিয়াটোকে বাধা আৰোপ কৰি আহিছে । একাংশ প্ৰধান শিক্ষক তথা শিক্ষকৰ চূড়ান্ত হেমাহি তথা অমনোযোগিতাই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈকো নমাই আনিছে ঘোৰ অন্ধকাৰ ।

লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষাখণ্ডৰ অধীনস্থ অসম অৰুণাচল সীমান্তত অৱস্থিত হাতীয়েমৰা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা ব্যৱস্থাৰ নামত চলি থকা বিশৃংখলতাই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰুচিকান্ত বৰুৱাৰ বিৰুদ্ধেও উত্থাপিত হৈছে কেতবোৰ অভিযোগ (Extreme corruption of headmaster at Nowboicha ME school) ।

প্ৰধান শিক্ষকগৰাকীয়ে চূড়ান্ত মইমতালিৰে পাঠদান কৰাৰ বিপৰীতে কেৱল বিদ্যালয়খনলৈ অহা চৰকাৰী পুঁজি আত্মসাৎ কৰাৰ বাবে উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে (Headmaster accused of embezzlement of government funds) । ইফালে বিদ্যালয়খনত অধ্যয়নৰত পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নাজানে ব্যঞ্জন বৰ্ণ, যোগ নেওঁতা অথবা সংখ্যা । বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ উদ্দেশ্যৰে বিদ্যালয়খনত বৰ্তমানৰ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বেছিকৈ ছাত্ৰ-ছাত্ৰী দেখুৱাই অহাৰো অভিযোগ উত্থাপন হৈছে ।

প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ ৰাইজ: নাওবৈচাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ

ইয়াৰোপৰি ১১ বজা পৰ্যন্ত বিদ্যালয়ত উপস্থিত নথকা প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনলৈ অহা আন্তঃগাথঁনিৰ পুঁজি, ইউনিফর্মৰ পুঁজি, মধ্যাহ্ন ভোজনৰ পুঁজিৰ সঠিক ব্যৱহাৰ নকৰি আত্মসাৎ কৰি আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । প্ৰকৃততে বিদ্যালয়খনত ১০-১২ জন ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । তাৰোপৰি আন্তঃগাঁথনিৰ নামত প্ৰত্যেক বছৰে ২৫ হাজাৰ টকাকৈ বিদ্যালয়খনে পাই আহিছে যদিও বিদ্যালয়খনত বহিবলৈ এখন চকী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে ডেক্স বেঞ্চৰ অভাৱেও দেখা দিছে ।

মধ্যাহ্ন ভোজনৰ নামত কেৱল ছাত্ৰ-ছাত্ৰীক খিচিৰি খুৱাই দায়িত্ব সামৰিছে প্ৰধান শিক্ষকগৰাকীয়ে । বিদ্যালয়খনত বিগত বহু বছৰ ধৰি চলি থকা এই অনিয়ম আৰু দুৰ্নীতিৰ বিষয়ে স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগত বহুবাৰ লিখিত অভিযোগ দিছিল যদিও আজিলৈকে এই প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে বৃহস্পতিবাৰে দুপৰীয়া প্ৰতিকুল বতৰকো নেওচি স্থানীয় ৰাইজ তথা অভিভাৱক প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী ৰাইজে প্ৰধান শিক্ষক ৰুচিকান্ত বৰুৱাক নিলম্বন কৰক, এনে দুৰ্নীতিপৰায়ণ প্ৰধান শিক্ষক আমাক নালাগে, অন্য প্ৰধান শিক্ষকক দায়িত্ব দিয়ক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । ৰাইজ তথা অভিভাৱকৰ অভিযোগ ৰাইজৰ দান বৰঙণিৰে অসম অৰুণাচলৰ অতি পিছপৰা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাবলৈ ১৯৮০ চনতে স্থাপন কৰা বিদ্যালয়খন এইজন প্ৰধান শিক্ষকক ধ্বংস কৰিবলৈ কোনো পধ্যেই দিব নোৱাৰে ।

প্ৰধান শিক্ষকগৰাকীয়ে শৈক্ষিক পৰিৱেশত কোনো ধৰণৰ গুৰুত্ব নিদি কেৱল চৰকাৰী পুঁজি লুণ্ঠন কৰাৰ বাবেই বিদ্যালয়খনত শিক্ষকতা কৰি আছে বুলি ৰাইজে অভিযোগ কৰে । চৰকাৰে এইগৰাকী প্ৰধান শিক্ষকক মোটা অংকৰ দৰমহা দি অহাৰ পাছতো ছাত্ৰ-ছাত্ৰীৰ নামত অহা চৰকাৰী পুঁজি আত্মসাৎ কৰি অহা বিষয়টোৰ এক উচিত তদন্ত দাবী কৰে স্থানীয় ৰাইজে । লগতে প্ৰধান শিক্ষকগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে নাওবৈচা প্ৰাথমিক শিক্ষা বিষয়া অৰূপজ্যোতি ভূঞাক দাবী জনাইছে ।

লগতে পঢ়ক:উদং ৰাজকোষ : ঋণ লৈ আৰু কৰ বৃদ্ধিৰে বিত্তীয় সংকট জোৰা মৰাৰ চেষ্টা চৰকাৰৰ

ABOUT THE AUTHOR

...view details