লখিমপুৰ, ৩১ মে': লখিমপুৰত অসমীয়া যুৱ মঞ্চই 'চলো পাল্টাই'ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰ সহ্য কৰা নহ'ব, ষড়যন্ত্ৰ কৰা বঙালী নেতাক গ্ৰেপ্তাৰ কৰক আদি দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে সংগঠনৰ সদস্যসকলে ।
অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ : তিনি বঙালী নেতাৰ প্ৰতিকৃতি দাহ - EFFIGY BURNT
'চলো পাল্টাই'ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে প্ৰতিকৃতি দাহেৰে উত্তাল কৰি তোলে লখিমপুৰ অঞ্চল । তিনি বঙালী নেতাক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই সংগঠনৰ সদস্যসকলে ।
লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
লগতে সংগঠনৰ সদস্যসকলে তিনি বঙালী নেতা গাৰ্গা চেটাৰ্জী, শান্তনু মুখাৰ্জী আৰু চন্দন চেটাৰ্জীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে । এই তিনিজন বঙালী নেতাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযাগ উত্থাপন কৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈও সতৰ্ক কৰি দিয়ে ।