বিহপুৰীয়া,11 জানুৱাৰী:পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগেৰে লখিমপুৰৰ শতাধিক ৰাইজৰ অংশগ্ৰহণেৰে কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয় ৷ লখিমপুৰ জিলাৰ ধলপুৰ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ লগতে জন বিৰোধী কৃষি আইন বাতিলৰ দাবীৰে শতাধিক প্ৰতিবাদী ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰে ৷
ধলপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত লগতে নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত হয় ৷ এই প্ৰতিবাদী সমদলত কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন কুমাৰ বৰাই অংশগ্ৰহণ কৰে ৷