অসম

assam

ETV Bharat / state

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কি কাণ্ড? 11 বজালৈ নাই ফলাফল

অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দিনা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উপস্থিত নহ'ল অধ্যক্ষ । প্ৰায় ১১ বজালৈ মহাবিদ্যালয়ৰ গেটত তলা ওলমি থকাত ফলাফল ল'বলৈ আহি হতাশ হৈ ঘূৰি যাবলৈ বাধ্য হয় বহুসংখ্যক ছাত্ৰ - ছাত্ৰী ।

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজৱ কাণ্ড

By

Published : May 25, 2019, 1:03 PM IST

লখিমপুৰ, ২৫ মে': ৰাজ্যৰ চৌদিশে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ আনন্দোল্লাসৰ মাজতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংঘটিত হ'ল আজৱ কাণ্ড । মহাবিদ্যালয়ত স্নাতক মহলাৰ পৰীক্ষা চলি থকাৰ বাবে ৰিজাল্ট ল'বলৈ আহি বাধাৰ সন্মুখীন হ'ল ছাত্ৰ - ছাত্ৰী । প্ৰায় ১১ বজালৈ গেটত তলা ওলমি থকাৰ লগতে মহাবিদ্যালয়ত উপস্থিত নহ'লগৈ অধ্যক্ষ ।

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজৱ কাণ্ড

পৰীক্ষাৰ দায়িত্বত থকাসকলেও ৰিজাল্টৰ কথা নজনাত হতাশ হৈ ঘূৰি যাবলৈ বাধ্য হয় বহুসংখ্যক ছাত্ৰ - ছাত্ৰী । মহাবিদ্যালয়খনে ফলাফলক লৈ কৰা এই হেমাহিত এতিয়া ক্ষোভিত হৈ পৰিছে একাংশ অভিভাৱক তথা ছাত্ৰ-সংগঠন ।

ABOUT THE AUTHOR

...view details