লখিমপুৰ, 17 মাৰ্চ:অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱা ৷ শুকুৰবাৰে লখিমপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে লখিমপুৰৰ ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাই ৷ বৃহস্পতিবাৰৰ পৰা পলাতক অৱস্থাত আছিল কুমুদ ৰাজখোৱা ৷ সম্প্ৰতি লখিমপুৰ সদৰ থানাত CID আৰু আৰক্ষীয়ে জেৰা চলাই আছে কুমুদ ৰাজখোৱাক (Assam HLSC paper leak case) ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে আটক হোৱা লখিপুৰৰ লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ দত্তই আৰক্ষীৰ জেৰাত প্ৰশ্নকাকত ফাদিল কৰা সৈতে কুমুদ ৰাজখোৱা জড়িত থকা বুলি স্বীকাৰোক্তি দিছিল ৷ প্ৰণৱ দত্তই প্ৰশ্নকাকত কুমুদ ৰাজখোৱাৰ পৰা লাভ কৰিছিল বুলি স্বীকাৰ কৰিছিল আৰক্ষীৰ আগত ৷ প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে কুমুদ ৰাজখোৱাক বৃহস্পতিবাৰে আটক কৰাৰ বাবে প্ৰচেষ্টা চলাই আছিল যদিও আত্মগোপন কৰি আছিল কলংকিত শিক্ষক কুমুদ ৰাজখোৱাই (SEBA question paper leaked) ৷
ইফালে, প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতেই শুকুৰবাৰে পুৱাই পুনৰ প্ৰসন্ন দাস নামৰ আন এগৰাকী শিক্ষকক আটক কৰে আৰক্ষীয়ে ৷ লখিমপুৰত আটক হোৱা এই তিনিওগৰাকী শিক্ষকক চলাই থকা হৈছে মাৰাথন জেৰা ৷ আনহাতে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য (HSLC exam paper leaked) ৷