অসম

assam

ETV Bharat / state

লখিমপুৰত বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে ১৬ টা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে লখিমপুৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ ৷

লখিমপুৰত বিভিন্ন সমস্যা সামাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ
লখিমপুৰত বিভিন্ন সমস্যা সামাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

By

Published : Aug 5, 2021, 9:48 PM IST

নাওবৈচা, ৫ আগষ্ট : মটক জনগোষ্ঠীক (Motok) জনজাতিৰ তালিকাত অন্তৰ্ভূক্তিকৰণেৰে সাংবিধানিক মৰ্যদা প্ৰদান কৰা, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা (price hike), মটক জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ শিতানত ঘোষণা কৰা ১২৫ কোটিৰ আৰ্থিক পেকেজ মুকলি কৰি দিয়া আৰু ৰাজ্যৰ সীমা সমস্যা স্থায়ী সমাধান কৰা দাবীৰে বৃহস্পতিবাৰে লখিমপুৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলনে দুঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে লখিমপুৰ জিলা সমিতিৰ অধীনষ্ঠ নাওবৈচা, লালুক, শিমলুগুৰিৰ তিনিখন আঞ্চলিক সমিতিৰ সহযোগত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ নাওবৈচা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সংগঠনটো । সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰকৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

লখিমপুৰত বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (himnta biswa sarma) কাৰ্যকালত মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১২৫ কোটি টকা ঘোষণা কৰাৰ পাছতো আজিলৈকে এই ধন মোকোলাই নিদিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে । লগতে জনগোষ্ঠীটোক জনজাতি মৰ্যাদা প্ৰদান কৰাৰো দাবী জনায় ।

দুঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচীৰ অন্তত নাওবৈচা ৰাজহ চক্ৰ বিষয়াক ১৬ টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই । প্ৰতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা সমিতিৰ সভাপতি দুলাল কোঁৱৰ, সম্পাদক নৱজিৎ বৰপাত্ৰ, কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি পবিত্ৰ বৰপাত্ৰ উপস্থিত থাকে ।


লগতে পঢ়কঃ কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

ABOUT THE AUTHOR

...view details