অসম

assam

ETV Bharat / state

মাটিৰ পট্টা বিচাৰি ৰঙানদীত মিছিং জনগোষ্ঠীৰ প্ৰতিবাদ

বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনগোষ্ঠী সমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনগোষ্ঠী হৈছে মিছিং সকল । চৰকাৰৰ দ্বাৰা উপেক্ষিত এই মিছিং জনগোষ্ঠীৰ লোক সকলে প্ৰাপ্য বিচাৰি বৰ্তমানলৈকে মাথো কৰি আহিছে প্ৰতিবাদ । তথাপিও চৰকাৰৰ বাবে গুৰুত্বহীন এই জনগোষ্ঠীটো । নিজৰ মাটিদোখৰৰ বাবেও এতিয়া এই জনগোষ্ঠীটোৱে কৰিব লগা হৈছে প্ৰতিবাদ ।

pretest by missing community to demand land documents  at ranganadi of naobaisa
মাটিৰ পট্টা বিচাৰি ৰঙানদীত মিছিং জনগোষ্ঠীৰ লোকসকলে কৰিলে প্ৰতিবাদ

By

Published : Aug 10, 2020, 9:11 PM IST

নাওবৈচা,১০আগষ্ট: লখিমপুৰ জিলাৰ নাওবৈচাৰ ৰঙানদী পাৰত বসবাস কৰা অসমৰ ভৈয়ামৰ জনগোষ্ঠী সমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিছিং সকলে সুদীৰ্ঘ ৫০ বছৰে ভোগ-দখল কৰি থকাৰ পিছতো পোৱা নাই নিজৰ মাটিৰ পট্টা ।

ৰঙানদী পৰীয়া মিছিং জনগোষ্ঠীৰ লোকসকলে ৰঙানদীৰ পাৰত ১৯৭০/৭২ চনৰ পৰাই অঞ্চলটোত বসবাস কৰি আহিছে যদিওঁ লোকসকলে চৰকাৰৰ পৰা আজি পৰ্যন্ত মাটিৰ পট্টা পাবলৈ সক্ষম নহ'ল । যাৰ বাবে জনগোষ্ঠীয় লোকসকলে মাটিৰ পট্টা নথকাৰ বাবে বিভিন্ন সময়ত নানান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ।

সোমবাৰে ৰঙানদী পৰীয়া ৰঙাপথাৰ, ৰঙাপানী, খুন্দুগাঁও আৰু বৰগঞা-বালিজানৰ দুই শতাধিক লোকে মাটিৰ পট্টা বিচাৰি ওলাই আহিল ৰাজপথলৈ । পুৱাই গাঁওকেইখনৰ লোক সকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ জৰিয়তে মাটিৰ পট্টা দিয়াৰ বাবে চৰকাৰক দাবী জনালে ।

প্ৰতিবাদী লোকসকলে চৰকাৰে আমাক মাটিৰ পট্টা দিবই লাগিব, নতুন ভূমিনীতি বাতিল কৰক, ভূমিপুত্ৰ মিছিং লোক সকলৰ ভূমিৰ অধিকাৰ কাঢ়ি নিনিব, অসম চৰকাৰ হায়-হায়, আদি শ্ল'গানেৰে ৰঙানদীপৰীয়া অঞ্চলটোৰ পৰিবেশ কিছু সময়ৰ বাবে উত্তাল কৰি তুলিলে ।

মাটিৰ পট্টা বিচাৰি ৰঙানদীত মিছিং জনগোষ্ঠীৰ লোকসকলে কৰিলে প্ৰতিবাদ

প্ৰতিবাদী লোকসকলে অভিযোগ কৰা মতে, গাঁওকেইখনৰ প্ৰতিটো পৰিয়ালক ১০/১৫ বিঘাকৈ মাটিৰ ভাগ কৰাৰ অনুমতি দিয়াৰ পিছত ১৯৭০/৭২ চনৰ পৰাই মাটিৰ খাজনা বহন কৰি আহিছিল । কিন্ত যোৱাটো বৰ্ষৰ পৰা চৰকাৰৰ ৰাজহ বিভাগে এই মাটিৰ খাজনা লোৱা বন্ধ কৰি দিয়ে ।

বছৰ বছৰ ধৰি গাঁওকেইখনৰ লোকৰ সকলৰ ভোগ দখলত থকা এই মাটি সমূহৰ পট্টা নিদিয়াৰ লগতে খাজানা লোৱা বন্ধ কৰি দিয়াত এতিয়া শংকিত হৈ পৰিছে এই সকল ভূমিপুত্ৰ । লগতে গাঁওকেইখনৰ পৰিয়াল সমূহে সন্মুখীন হ'ব লগা হৈছে আন সমস্যাৰো ।

গাঁওকেইখনত বসবাস কৰা এই সকল ভূমিপুত্ৰই ভোগ-দখল কৰি থকা মাটি সমূহ পূৰ্বৰ ৰাজহ চক্ৰ বিষয়া তথা একাংশ মণ্ডলৰ ভুলৰ বাবে ছিটা বহীত জলডুবা শ্ৰেণীত অন্তৰ্ভুক্ত হৈ শ্ৰেণী পৰিৱৰ্তন কৰাত আন এক অসুবিধাৰ সম্মুখীন হোৱা বুলিওঁ অভিযোগ তুলিলে প্ৰতিবাদী সকলে ।

যদিহে নাওবৈচা ৰাজহ চক্ৰৰ বিষয়া তথা জিলা প্ৰশাসনে এই ক্ষেত্ৰত শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ৰঙানদী পৰীয়া মিছিং লোকসকলে অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিলে ।

ABOUT THE AUTHOR

...view details