নাৰায়নপুৰ, 19 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধাবাৰে অসম হাইস্কুল সংগীত শিক্ষক সন্থাৰ প্ৰায় পাঁচ শতাধিক সংগীত শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ নকৰাত ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে সংগীত শিক্ষক সকলে ৷ বুধবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াত এক সংবাদমেল যোগে শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে সংগীত শিক্ষক সকলৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ দাবী জনাই সংগীত শিক্ষক সকলে ৷
লখিমপুৰত সংগীত শিক্ষকৰ সংবাদমেল - হাইস্কুল সংগীত শিক্ষক সন্থা
লখিমপুৰত সংগীত শিক্ষকৰ সংবাদমেল ৷ পদ প্ৰাদেশীকৃত কৰিবৰ বাবে সংবাদমেলৰ আয়োজন ৷ অনতিপলমে শিক্ষা বিভাগক তেওঁলোকৰ পদ সমূহ প্ৰাদেশীকৃত কৰিবৰ বাবে আহ্বান সংগীত শিক্ষকৰ ৷

পদ প্ৰাদেশীকৃত কৰণক লৈ লখিমপুৰত সংগীত শিক্ষকৰ সংবাদমেল
পদ প্ৰাদেশীকৃত কৰণক লৈ লখিমপুৰত সংগীত শিক্ষকৰ সংবাদমেল
উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগে একাংশ ঐচ্ছিক বিষয়ৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিলে যদিও সংগীত শিক্ষকসকলৰ পদ প্ৰাদেশিকীকৰণ কৰাত গুৰুত্ব নিদিয়াৰ অভিযোগ উখাপন হৈছে ৷ যাৰবাবে বিনা বেতনে দীৰ্ঘদিন ধৰি কৰ্মৰত এই শিক্ষক সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ অনতিপলমে শিক্ষা বিভাগক তেওঁলোকৰ পদ সমূহ প্ৰাদেশীকৃত কৰিবৰ বাবে আহ্বান জনাইছে ৷
লগতে পঢ়ক : ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ