লখিমপুৰ,29 ছেপ্তেম্বৰ :লখিমপুৰত কেমেৰাৰ সন্মুখত কান্দিছে এগৰাকী শিক্ষয়িত্ৰীয়ে । কোনো পাৰিবাৰিক কন্দলৰ বাবে নহয় । শিক্ষা বিভাগৰ দ্বাৰা বঞ্চিত হোৱাৰ বাবে এগৰাকী শিক্ষয়ত্ৰীয়ে শোক সম্বৰণ কৰিব নোৱাৰি কেমেৰাৰ সন্মুখতে উঠিল উচুপি ৷
কেৱল এগৰাকী বা দুগৰাকী শিক্ষয়ত্ৰী নহয়, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা বঞ্চনাত প্ৰতাৰিত হোৱাৰ বাবে ৰাজ্যৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়া টুকিব লগা হৈছে চকুলো । উল্লেখ্য যে, বিগত ১৯৯১ চনৰ পৰা ২০০১ চনলৈ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰি দৰমহা পোৱাৰ উপৰি প্ৰশিক্ষণো লৈছিল এই শিক্ষক সকলে । কিন্তু পৰৱৰ্তী সময়ত এই শিক্ষক সকলৰ দৰমহা বন্ধ কৰি দিয়া হয় ।
মনকৰিবলগীয়া যে, একাংশই দৰমহা নোপোৱাকৈ অথবা প্ৰশিক্ষণ নোহোৱাকৈয়ে শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ আছিল ।
শেহতীয়াকৈ বিভাগীয় কৰ্তৃপক্ষই সেই সকল শিক্ষকৰ তথ্য-পাতি আদি পৰীক্ষা কৰি পদ নিয়মীয়া কৰণৰ ব্যৱস্থা কৰে । কিন্তু এই প্ৰক্ৰিয়াটো দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে । কিয়নো পূৰ্বতে এদিনো স্কুলৰ মুখ নেদেখা একাংশ শিক্ষকে লাভ কৰিলে চৰকাৰী শিক্ষকৰ মৰ্যদা ৷ ইয়াৰ বিপৰীতে যি সকল শিক্ষকে বিনা স্বাৰ্থত বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছিল তেওঁলোকে কিন্তু লাভ নকৰিলে শিক্ষকৰ মৰ্যদা ৷