অসম

assam

ETV Bharat / state

কৰ'ণাতকৈ মাৰাত্মক মাইক্ৰ' ফাইনেঞ্চ ! - press meet about microfinance at lakhimpur

বিশ্বব্যাপী পৰা কৰ'ণা ভাইৰাছতকৈও ভয়াৱহ অসমৰ মাইক্ৰ' ফাইনেঞ্চ । শনিবাৰে লখিমপুৰত সংবাদমেল সম্বোধন কৰি এনেদৰে ক'লে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷

লখিমপুৰ
কৰ'ণাতকৈ মাৰাত্মক মাইক্ৰ ফাইনেঞ্চ

By

Published : Mar 14, 2020, 7:46 PM IST

Updated : Mar 14, 2020, 8:00 PM IST

লখিমপুৰ, 14 মাৰ্চঃ দুখীয়া দৰিদ্ৰক কোঙা কৰা মাইক্ৰ' ফাইনেঞ্চৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ । শনিবাৰে লখিমপুৰত সংবাদমেল সম্বোধন কৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে অভিযোগ তোলে চৰকাৰলৈ । চৰকাৰৰ সোপাঢিলা নীতিৰ বাবেই দুখীয়া দৰিদ্ৰক জুৰুলা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে মাইক্ৰ'ফাইনেঞ্চ সমূহৰ বিৰুদ্ধে । লখিমপুৰ জিলাৰ লগতে অসমত বৰ্তমানে ঋণৰ বোজা সহিব নোৱাৰি ৩০ গৰাকী লোকে আত্মহত্যা কৰাৰ তথ্য দাঙি ধৰে সংগঠনটোৱে ।

কৰ'ণাতকৈ মাৰাত্মক মাইক্ৰ ফাইনেঞ্চ!

আনহাতে, তিনিদিন পূৰ্বে লখিমপুৰ জিলাত ঋণ দিয়াৰ নামত ধন লোৱা North East Development Welfare Societyৰ নামত NGOৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো গোচৰ নোলোৱাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ । লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে ভূক্তভোগী মহিলাই প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোয়ে ।

আৰু পঢ়কঃ COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া

Last Updated : Mar 14, 2020, 8:00 PM IST

ABOUT THE AUTHOR

...view details