অসম

assam

ETV Bharat / state

Tribals Mass Rally: খানাপাৰাত লক্ষাধিক জনজাতি লোকৰ গণ সমাবেশৰ প্ৰস্তুতি - Tribal Religion Culture Protection Forum

ভাৰতীয় সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফাৰ সংশোধন বিচাৰি অহা ২৬ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত লক্ষাধিক জনজাতীয় লোকৰ অংশগ্রহণেৰে এক বিশাল গণ সমাবেশৰ প্ৰস্তুতি (massive mass rally of tribals at Khanapara) ।

Lakhimpur
Lakhimpur

By

Published : Mar 23, 2023, 10:04 AM IST

Updated : Mar 23, 2023, 10:44 AM IST

গণ সমাবেশ সন্দৰ্ভত সংবাদমেল

লখিমপুৰ, ২৩ মাৰ্চ :সম্প্ৰতি ধৰ্মান্তৰকণৰ প্ৰসংগই প্ৰায়েই বিতর্কৰ সূচনা কৰি আহিছে (controversy of conversion issue) । সহজ-সৰল লোকক প্ৰলোভিত কৰি ধৰ্মান্তৰকৰণ কৰা বুলি সঘনে বিতর্কৰ সূত্রপাত ঘটিছে । এনে সময়তে সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফাৰ সংশোধন বিচাৰিছে জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চই (section 2A of Article 342 of Constitution) । মঞ্চৰ অসম প্ৰদেশ সমিতিয়ে ইয়াকে লৈ অহা ২৬ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত এক বিশাল জনজাতীয় গণ সমাবেশৰ আয়োজন কৰিছে (Tribal Religion Culture Protection Forum) ।

বুধবাৰে বিয়লি লখিমপুৰৰ বগীনদী প্ৰেছ ক্লাবত মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে । সংবাদমেলখনত মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে কয়, জনজাতীয় ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ কোনো আন ধৰ্মবিদ্বেষী অনুষ্ঠান নহয় । কেৱল জনজাতিসকলৰ ধৰ্ম, ভাষা, সংস্কৃতি ৰক্ষাৰ হকে কাম কৰা এটা অনুষ্ঠান । মঞ্চই ভাৰতীয় সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফাৰ সংশোধন বিচাৰিছে । কোনো জনজাতীয় লোক ধৰ্মান্তৰিত হ'লে তেওঁ জনজাতিৰ মৰ্যাদা হেৰুৱাব লাগে । জনজাতিৰ সা-সুবিধাৰ পৰা তেওঁ বঞ্চিত হ'ব লাগে ।

ধৰ্মান্তৰিত হোৱাৰ পিছত জনজাতীয় লোকে জনজাতিৰ সা-সুবিধা পাব নালাগে । মঞ্চৰ এয়া মূল দাবী বুলি উল্লেখ কৰি মঞ্চৰ বিষয়ববীয়াসকলে কয় যে ইয়াকে লৈ সৰ্বভাৰতীয় পৰ্যায়ত এক গণ আন্দোলনৰ সূচনা হৈছে । দেশজুৰি বিভিন্ন ৰাজ্যত কাম-কাজ আৰম্ভ হৈছে । অসমতো এনে ধৰণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে । এই লৈ অহা ২৬ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা বিশাল জনজাতীয় গণ সমাবেশত সংবিধানৰ ৩৪২ অনুচ্ছেদৰ ২এ দফা সংশোধনৰ দাবী উত্থাপন হ'ব (massive mass rally of tribals at Khanapara) । এই দফাৰ সংশোধন হ'লে জনজাতীয় ধৰ্ম, ভাষা, সংস্কৃতি ৰক্ষাত সহায়ক হ'ব ।

এই সমাবেশলৈ লখিমপুৰ জিলাৰ ৯ টা উন্নয়ন খণ্ড এলেকাৰ পৰা ৪০ খন গাড়ীৰে ১৮০০ লোক এই সমাবেশলৈ ৰাওনা হ'ব বুলি সংবাদমেলত বিষয়ববীয়াসকলে কয় । সংবাদমেলখনত মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মজিন সোণোৱাল, জিলা সম্পাদক পুস্কৰ পাৱে, বগীনদী ব্লকৰ সম্পাদক কমল বসুমতাৰী আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক :Assam tutor protest : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ টিউটৰ শিক্ষকৰ

Last Updated : Mar 23, 2023, 10:44 AM IST

ABOUT THE AUTHOR

...view details