অসম

assam

পূৰ্ণ গতিত চলিছে শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ৰাসোৎসৱৰ প্ৰস্তুতি

সত্ৰীয়া সংস্কৃতিৰ সাধক, বৰবায়ন উপেন চন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত পূৰ্ণগতিত চলিছে ৰাসৰ আখৰা ৷

By

Published : Nov 21, 2020, 3:07 PM IST

Published : Nov 21, 2020, 3:07 PM IST

preparation-going-on-for-sri-sri-bodola-padmaaata-rash-mahotsav
পূৰ্ণ গতিত চলিছে শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ৰাসোৎসৱৰ প্ৰস্তুতি

বিহপুৰীয়া, 21 নৱেম্বৰ : 77 বছৰত ভৰি দিলে নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ৰাসোৎসৱে ৷ কৰ'ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে উলহ-মালহেৰে উদযাপন কৰিব পৰা নাই যদিও প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তা সকলে ৷ সত্ৰীয়া সংস্কৃতিৰ সাধক, বৰবায়ন উপেন চন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত পূৰ্ণগতিত চলিছে ৰাসৰ আখৰা ৷ চৰকাৰী নীতি-নিৰ্দেশনা মানি 30 নবেম্বৰত নিৰ্মীয়মান মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত মঞ্চস্থ কৰা হ'ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা ৷

পূৰ্ণ গতিত চলিছে শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ৰাসোৎসৱৰ প্ৰস্তুতি

উল্লেখ্য যে, হীৰক জয়ন্তী বৰ্ষ গৰকা ৰাসোৎসৱভাগ কৰ'ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে আড়ম্বৰপূৰ্ণ ভাৱে উদযাপন কৰিব নোৱাৰিলেও অনুষ্টুপীয়াকৈ হ’লেও অনুষ্ঠিত কৰিবলৈ পাই সুখী হৈছে উদ্যোক্তাৰ লগতে শিল্পীবৃন্দ ৷

লগতে পঢ়কঃদহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়

ABOUT THE AUTHOR

...view details