বিহপুৰীয়া, 31 জানুৱাৰী: আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশন । ইতিমধ্যে মণিকাঞ্চন ক্ষেত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । হাজাৰ হাজাৰ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু হৈছে নাৰায়ণপুৰ তথা বিহপুৰীয়া সমষ্টিবাসী (Asam Sahitya Sabha Narayanpur conference)।
অধিবেশনৰ বাবে নকৈ সজাই-পৰাই তোলা হৈছে সমগ্ৰ নাৰায়ণপুৰক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হ’বলগীয়া অতিথিক আদৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰস্তুতি চলাইছে আদৰণি সমিতিয়ে (Preparation completed for Assam Sahitya Sabha)৷ অতিথিসকল যাতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে প্ৰতিখন উপ-সমিতিয়ে (Assam Sahitya Sabha Narayanpur) ৷
মূল মণ্ডপ, ভোজনালয়, মূল প্ৰৱেশদ্বাৰৰ তোৰণ, গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনীসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । প্ৰায় চাৰি হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰা তোলা হৈছে । সভাস্থলীৰ সমীপত প্ৰায় ৪০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ।