অসম

assam

ETV Bharat / state

নিদ্ৰামগ্ন লখিমপুৰ আৰক্ষী প্ৰশাসন: প্ৰেমধৰ বৰা - Former Minister of Education Premdhar Bara

লখিমপুৰ জিলাত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিহপুৰীয়া নগৰত বৃহস্পতিবাৰে তিনিঘণ্টাৰ বাবে ধৰ্মঘটত বহিল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷

আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰেমধৰ বৰা
আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰেমধৰ বৰা

By

Published : Apr 29, 2021, 1:35 PM IST

বিহপুৰীয়া,29 এপ্ৰিল:এইবাৰ প্ৰতিবাদত বঢ়িল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷ লখিমপুৰ জিলাত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিহপুৰীয়া নগৰত বৃহস্পতিবাৰে তিনিঘণ্টাৰ বাবে ধৰ্মঘটত বহিল বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকী ৷

প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত 26 এপ্ৰিলত বিহপুৰীয়া নগৰত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে ৷ বিগত 26 এপ্ৰিলৰ দিনা বিহপুৰীয়া এপেক্স বেংকৰ ধন সংগ্ৰহ কৰি উভতাৰ সময়ত গৌৰাংগ দে নামৰ এজন লোকৰ পৰা দুজন দুৰ্বৃত্তই 2 লাখ 52 হেজাৰ টকা লুট কৰি নিয়াৰ চেষ্টা চলায় ৷ সেই সময়তে ৰিজু দাস নামৰ আন এজন যুৱকে বাধা দিয়াত দূৰ্বৃত্তৰ দলটিয়ে দাসক উদ্দেশ্যি গুলীচালনা কৰে ৷ যাৰ ফলত ব্যক্তি গৰাকী বৰ্তমানেও অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ৷

কিন্তু পৰিতাপৰ বিষয় যে, বৰ্তমানেও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই লখিমপুৰ আৰক্ষীয়ে ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদত বহিল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি

ABOUT THE AUTHOR

...view details