বিহপুৰীয়া,15 জুনঃ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অসুস্থ হৈ পৰাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনাৰে কৰা হৈছে পূজা-অৰ্চনা ৷ সোমবাৰে নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ফুলনি থানতো হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ আৰু বিজেপি যুৱ মৰ্চাই এগছি বন্তি আৰু ধূপ-নৈবদ্যৰে মন্ত্ৰীগৰাকী সুস্থ হৈ উঠাৰ বাবে এভাগি শৰাই আগবঢ়ায় ৷ হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ আৰু বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে যে, মন্ত্ৰীগৰাকীয়ে আগৰ উদ্যমেৰে পুনৰ জনতাৰ সেৱা আগবঢ়াব পাৰে তাৰে উদ্দেশ্য আগত ৰাখি শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় ৷
হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা-অৰ্চনা - হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা বিভিন্নজনৰ ৷ মন্ত্ৰীগৰাকীয়ে যাতে আগৰ দৰে পূৰ্ণোদ্যমেৰে জনতাৰ সেৱা আগবঢ়াব পাৰে তাৰে বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় ৷
![হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা-অৰ্চনা praying for Immediate health recovery of Himanta Biswa Sarma at bihpuria](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7624335-80-7624335-1592212612441.jpg)
হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা অৰ্চনা
হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা অৰ্চনা
উল্লেখযোগ্য যে, দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ পেটত অতিমাত্ৰা বিষ অনুভৱ কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মন্ত্ৰীগৰাকীৰ কিডনীত ষ্ট'ন ধৰা পৰিছিল ৷
লগতে পঢ়কঃ ব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?