নাঁওবৈচা,19 মেঃ লক ডাউনৰ মাজতে লখিমপুৰৰ নাঁওবৈচাত উপস্থিত হয় সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । নাঁওবৈচাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে পহুমৰাৰ ৰঙানৈ পাৰত থকা শতজান জলাশয় পৰিদৰ্শন কৰে । উল্লেখ্য যে, জলাশয়টো পৰিদৰ্শন কৰি ইয়াক সংৰক্ষণৰ লগতে দেশী-বিদেশী আলহী পক্ষী নিৰীক্ষণৰ বাবে টাৱাৰ নিৰীক্ষণ চকী, বাউণ্ডেৰী ৱাল নিৰ্মানৰ বাবে লখিমপুৰ জিলা উপায়ুক্ত গৰাকীক আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ।
নাঁওবৈচাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম - শতজান জলাশয়
নাঁওবৈচাত উপস্থিত হৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই পহুমৰাৰ ৰঙানৈ পাৰত থকা শতজান জলাশয় পৰিদৰ্শন কৰে ।
নাঁওবৈচাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম
এই কাৰ্যসূচীত তেখেতৰ লগত উপস্থিত থাকে বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা,জিলা উপায়ুক্ত ড৹ জীৱন বি, লখিমপুৰ জিলাৰ উন্নয়ন বিষয়াৰ লগতে নাঁওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱে ।
লগতে পঢ়ক- কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ