লখিমপুৰ,৩১ মাৰ্চ: "বিজেপিয়ে যিমান ষড়যন্ত্র কৰিলেও, যিমান ভয় ভাবুকি দিলেও ৰাহুল গান্ধীৰ কথা বাদেই কংগ্রেছৰ বুথ সভাপতি এজনৰো মূখ বন্ধ কৰিব নোৱাৰে । বিজেপিয়ে চৰকাৰী এজেন্সীসমূহৰ জৰিয়তে কংগ্রেছক মষিমূৰ কৰিবলৈ কৰা প্ৰচেষ্টা অথলে যাব । কংগ্রেছ দলে দেশৰ য’তেই দুৰ্নীতি হ'ব তাতেই শক্তিশালী কন্ঠৰে মাত মাতি যাব । চৰকাৰী পক্ষৰ কোনো ভয়-ভাবুকি লৈ কংগ্রেছ দলে কেৰেপ নকৰে ।"
লখিমপুৰত শুকুৰবাৰে জিলা কংগ্রেছৰ উদ্যোগত প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত এইদৰে হুংকাৰ দিয়ে প্ৰদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ড৹ সঞ্জু বৰুৱাই । বিজেপিৰ অপশাসনৰ বিৰুদ্ধে শুকুৰবাৰে কংগ্রেছ দলে ৰাজ্যজুৰি সংবাদমেলৰ আয়োজন কৰে (Protest against Rahul Gandhi dismissed as MP) । অনুসৰি লখিমপুৰৰ সংবাদমেলত জিলা কংগ্রেছৰ নেতৃত্বৰ উপস্থিতিত প্ৰদেশ কংগ্রেছৰ সম্পাদক সঞ্জু বৰুৱাই অংশগ্রহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় (Pradesh Congress PC)।
তেওঁ কয় যে বিজেপিৰ মিথ্যাচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বৈৰাচাৰ বৰ বেছি দিন টিকি নাথাকে । দলটোৰ এনে কৰ্মকাণ্ড ৰাইজে কেতিয়াও সহ্য নকৰে । ইতিমধ্যে ৰাইজে দলটোৰ স্বৰূপ বুজি উঠিছে । অনাগত সময়ত বিজেপিয়ে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব । ষড়যন্ত্রমূলকভাৱে ৰাহুল গান্ধীৰ ওপৰত কৰা নিৰ্যাতনৰ বাবে এসময়ত দলটো জবাবদিহি হোৱাই নহয় দলটোক ৰাইজে বেয়াকৈ প্ৰত্যাখ্যান কৰিব বুলিও প্ৰদেশ কংগ্রেছৰ সম্পাদকগৰাকীয়ে উল্লেখ কৰে (Pradesh Congress press conference in Lakhimpur) ।
সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁ এআইইউডিএফ দলৰে কংগ্রেছৰ মিত্রতাৰ প্ৰসংগতো আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে বিজেপি আৰু এআইইউডিএফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি । আগন্তুক সময়ত বিজেপিয়ে আসন কম পালে এআইইউডিএফৰ সৈতে মিলি চৰকাৰ গঠনৰ পাং পাতি আছে । কংগ্রেছৰ লগত এআইইউডিএফৰ মিত্রতা সম্ভব নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।