বেমাৰ যিয়েই নহওঁক, বাবৰ স্পৰ্শত পলকতে আৰোগ্য সকলো ৰোগী ! - etv bharat assam
লখিমপুৰৰ হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি 6 মাহতে লাভ কৰিলে আজৱ শক্তি । যাৰ বাবে হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে এতিয়া চুই দিলেই অথবা তেওঁৰ নাম ললেই আৰু তেওঁৰ পৰামৰ্শ মতে তেওঁৰ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী ৷
লখিমপুৰ, 5 জুনঃ ঢকুৱাখনাত আৱিৰ্ভাৱ প্ৰভু ৰাধা-স্বামী । প্ৰভু ৰাধা স্বামীৰ অপাৰ মহিমা । সেয়ে এতিয়া অন্ধবিশ্বাসী লোকৰ সোঁত বৈছে প্ৰভুৰ পদূলিলৈ । উদ্দেশ্য এটাই চিকিৎসকে হাৰ মনা ৰোগৰ ৰাধা স্বামীয়ে কৰা আজৱ চিকিৎসা সেৱা গ্ৰহণ ৷ লখিমপুৰৰ হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে হিন্দু ধৰ্মৰ তেত্ৰিছ কোটি দেৱতাক সাধনা কৰি 6 মাহতে লাভ কৰিলে আজব শক্তি । যাৰ বাবে হিতেশ্বৰ বৰা নামৰ ব্যক্তিজনে এতিয়া চুই দিলেই,তেওঁৰ নাম ললেই আৰু তেওঁৰ পৰামৰ্শ মতে তেওঁৰ মন্দিৰত সেৱা ললেই পলকতে আৰোগ্য হয় ৰোগী । অৱশ্যে ফোনত কথা পাতিও ৰোগীক ভাল কৰিব পাৰে প্ৰভু ৰাধা-স্বামীয়ে । সেহয়ে ঢকুৱাখনাৰ বেবেজীয়াৰ পাৰঘলী বিপিন ৰাজখোৱা নামৰ ব্যক্তিজনৰ ঘৰত মন্দিৰ পাতি আৰম্ভ কৰিছে বেজালি । বিগত এমাহে দূৰ দুৰনিৰ পৰা চিকিৎসা গ্ৰহণৰ উদ্দেশ্য আহিছে বহু লোক ৷ প্ৰতি গৰাকী ৰোগীয়ে তেওঁক চিকিৎসাৰ বাবদ দিব লাগে ২০০ টকা । আনহাতে, একাংশ সচেতন ৰাইজৰ অভিযোগ ৰাজ্যৰ স্বাস্থ্য সেৱাত বিশ্বাস হেৰুৱাৰ বাবেই এই ৰোগীসকল এনেদৰে বশ কৰিছে ৰাধা স্বামীৰ দৰে একাংশ ভণ্ড বাবাই ।